নাগৰিকত্ব বিধেয়কৰ প্ৰতিবাদত পদ্মশ্ৰী উভতাই দিব বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা আৰিবাম শ্যাম শৰ্মাই
দৈনিক বাতৰি

নাগৰিকত্ব বিধেয়কৰ প্ৰতিবাদত পদ্মশ্ৰী উভতাই দিব বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা আৰিবাম শ্যাম শৰ্মাই

জি প্লাছ নিউজডেস্ক | February 05, 2019 14:25 hrs

গুৱাহাটী - নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত পদ্মশ্ৰী সন্মান ওভতাই দিব মণিপুৰৰ প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা আৰিবাম শ্যাম শৰ্মাই। ইম্ফলত এই কথা সংবাদ মাধ্যমক জনাইছে পৰিচালকগৰাকীয়ে।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ উত্তৰ-পূবৰ লগতে মণিপুৰতো বিভিন্ন দল-সংগঠনে তীব্ৰ আন্দোলন অব্যাহত ৰাখিছে। বিগত ৩০ জানুৱাৰীত বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যখনৰ একাংশ প্ৰতিবাদকাৰীয়ে নতুন দিল্লীৰ সংসদ ভৱনৰ সমূখত নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰতিমূৰ্তি দাহ কৰিছিল।

উল্লেখ্য যে ‘ইমাগি নিংথেম’, ‘ইশ্বানৌ’, ‘লামজা পৰশুৰাম’ আদিৰ দৰে কেইবাখনো উল্লেখযোগ্য ছবিৰে চলচ্চিত্ৰ জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা আৰিবাম শ্যাম শৰ্মাক ২০০৬ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।

Banner

আৰিবাম শ্যাম শৰ্মা