অসম নিৰ্বাচন ২০২১ৰ আইকন কপিল বৰা, ৰিয়ান পৰাগ | অসম নিউজ
দৈনিক বাতৰি

অসম নিৰ্বাচন ২০২১ৰ আইকন কপিল বৰা, ৰিয়ান পৰাগ

জি প্লাছ নিউজ | March 05, 2021 17:30 hrs

গুৱাহাটী : ক্ৰিকেটাৰ ৰিয়ান পৰাগ, অভিনেতা কপিল বৰা, গায়িকা অনিন্দিতা পল আৰু পেৰা-চাইক্লিষ্ট ৰাকেশ বণিকক প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণৰ আইকন হিচাপে নিযুক্ত অসম নিৰ্বাচন আয়োগৰ । এক সংবাদমেলত এই কথা ঘোষণা কৰে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েয়ে ।

"এইয়া এক গুৰুত্বপূৰ্ণ কাম, দেশৰ অৰাজনৈতিক নাগৰিক হিচাপে আমাক নিয়োগ কৰা হৈছে । ইয়াৰ উদ্দেশ্য হৈছে মানুহৰ ওচৰলৈ গৈ আমি শিল্পী হিচাপে আমাৰ প্ৰভাৱ বিস্তাৰ কৰি তেওঁলোকক বাধ্যতামূলকভাৱে ভোটৰ অধিকাৰ ব্যৱহাৰ কৰিবলৈ অনুপ্ৰাণিত কৰা ।" অসম নিৰ্বাচন ২০২১ৰ আইকন হিচাপে নিযুক্ত হোৱাৰ পিছতেই জি প্লাছৰ আগত এই কথা উল্লেখ কৰে কপিল বৰাই ।

তেওঁ লগতে কয় যে, ''ক'ভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপৰ সৈতে বৃদ্ধ, শাৰীৰিকভাৱে সক্ষম ভোটাৰসকলে সুবিধাজনকভাৱে ভোট দিব পৰা বিশেষ সুবিধাবোৰৰ বিষয়ে জনসাধাৰণক অৱগত কৰিম ।''

অসম বিধানসভা নিৰ্বাচন ২০২১ৰ বাবে এটা প্ৰতীক চিহ্নও (মেস্কট) মুকলি কৰিছে, যাৰ নাম ৰখা হৈছে 'ব'হাগ আৰু ব'হাগী' । ৰাজ্যত ভোটৰ হাৰ বৃদ্ধি কৰিবলৈ নিৰ্বাচনী গানেৰে তেওঁলোকে ভোটাৰ মাজত তেওঁলোকৰ অধিকাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰিব ।

সংবাদমেলত ৰাজ্যিক নিৰ্বাচনৰ আনুষ্ঠানিক শ্ল'গানো মুকলি কৰা হয় । যিটো হৈছে "অব কি বাৰ ৮৫% পাৰ" ।

তদুপৰি, নিৰ্বাচন আয়োগে ভোটাৰসকলৰ যিকোনো সহায়ৰ বাবে ১৯৫০ নম্বৰৰ এটা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে ।

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েয়ে লগতে কয় যে, নিৰ্বাচনৰ গুৰুত্বৰ বিষয়ে নাগৰিকসকলক অৱগত কৰিবলৈ ৰাজ্যজুৰি বাটৰ নাটও প্ৰদৰ্শন কৰিব ।

অসম নিৰ্বাচন ২০২১ৰ আইকন সকল