বিদেশ ভ্ৰমণৰ অশালীন প্ৰস্তাৱ অভিনেত্ৰী বৰষা ৰাণী বিষয়ালৈ

Wednesday, 13 November 2019

দৈনিক বাতৰি

বিদেশ ভ্ৰমণৰ অশালীন প্ৰস্তাৱ অভিনেত্ৰী বৰষা ৰাণী বিষয়ালৈ

জিপ্লাছ নিউজ ডেস্ক | October 20, 2019 11:09 hrs

২১ অক্টোবৰ, গুৱাহাটী : এটা ফেচবুক লাইভে তোলপাৰ লগাইছে ছচিয়েল মিডিয়াত। জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক বিদেশ ভ্ৰমণৰ অশালীন প্ৰস্তাৱ এজন অনা - অসমীয়া ব্যৱসায়ীৰ। যোৱা শণিবাৰে ফোনযোগে এগৰাকী মহিলাই বৰষাৰাণীক এনেধৰণৰ প্ৰস্তাৱ আগবঢ়োৱা কথা ফেচবুকযোগে পষ্ট কৰাৰ পাছতেই দেওবাৰে ফেচবুক লাইভ কৰি সাৱধান কৰি দিয়ে অভিনেত্ৰীগৰাকীয়ে।  

ঘটনাৰ বিৱৰণী মতে ১৯ অক্টোবৰত এজন অনা-অসমীয়া ব্যৱসায়ীৰ হৈ চিনাকি মহিলা এগৰাকীয়ে বৰষাক ফোন যোগে এই প্ৰস্তাৱ আগবঢ়াইছিল। ফেচবুক লাইভ যোগে বৰষাই কয়- “ উক্ত মহিলাগৰাকীৰ বিষয়ে মই আগতেও বহুত শুনি আহিছো । তেওঁ সৰু সৰু ছোৱালীবোৰক প্ৰলোভন দিয়ে বুলি কোৱা শুনি আহিছো।” 

লগতে মহিলাগৰাকীৰ নাম উল্লেখ নকৰাৰ সম্পৰ্কত কয় যেমহিলাগৰাকী তেওঁৰ পেহীয়েকৰ লগত পঢ়া। পেহীৰ লগৰ বাবেই বৰষাৰাণীক মহিলাগৰাকীয়ে বহুতো কামত সহায় কৰি দিছিল। আনহাতে তেওঁ এগৰাকী মাতৃ। আৰু তেওঁৰ সন্তানটোৱে এইবোৰ নাজানে। সন্তানটোৰ কোনো দোষ নাই। মাক যেনেকুৱাই নহওক সন্তানটোক কষ্ট দিব নোখোজো।

আনহাতে যিসমূহ যুৱতীয়ে অভিনয়, মডেলিঙলৈ আহিব বিচৰিছে তেওঁলোককো এই পষ্টযোগে সতৰ্ক কৰি দিছে অভিনেত্ৰীকগৰাকীয়ে। সকলো মহিলাই সহজলভ্য নহয়।মহিলাক এক ক্ষুদ্ৰ সামগ্ৰী বুলি ভবা অসুস্থ মানসকিতাৰ লোকসকলৰ বাবে এটা “হুংকাৰ” আখ্যা দিয়ে অভিনেত্ৰীগৰাকীয়ে।

মহিলাগৰাকীক এনেকুৱা কথা ক’বলৈ যাতে আৰু কোনো ধৰণৰ সাহস নকৰে, তাৰ বাবে সাৱধান কৰি দিয়ে। ছোৱালী তথা নাৰীসকলকো এনেধৰণৰ অসৎ কৰ্মত উৎসাহিত নকৰিবলৈ অনুৰোধ কৰে। লগতে ব্যৱসায়ীজনৰ দৰে মানুহবোৰক “বেমাৰী মানসিকতাৰ” বুলি কৈ ক্ষোভ প্ৰকাশ কৰে বৰষাই। 

Banner