পৰ্যাপ্ত পৰিমাণৰ সুৰক্ষা সামগ্ৰী আৰু মাস্ক আছে অসমত

Saturday, 06 June 2020

দৈনিক বাতৰি

পৰ্যাপ্ত পৰিমাণৰ সুৰক্ষা সামগ্ৰী আৰু মাস্ক আছে অসমত

জিপ্লাছ | April 01, 2020 14:48 hrs

০১ এপ্ৰিল, গুৱাহাটী - অসমত এই মুহুৰ্ত্তত ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ পিপিই আৰু মাস্ক মজুত আছে। এই ঘোষণা স্বাস্থ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ।

সম্প্ৰতি অসমে ৯০০০ পাৰ্ছনেল প্ৰ’টেকশ্যন ইকুইপমেণ্ট লাভ কৰিছে। আনহাতে ৮০০০০ এন৯৫ মাস্ক আৰু ৮ লাখ তিনি তৰপযুক্ত মাস্ক আছে ৰাজ্যত। 

বিগত দিনবোৰত ব্যাপক তৎপৰতাৰে কাম কৰি সম্প্ৰতি এই ৰোগবিধক লৈ নাৰ্ভছ নহ’বলগীয়া পৰিস্থিতি এটাত ৰাজ্যৰ স্বাস্থ্য বিভাগ উপনীত হৈছে বুলিও উল্লেখ কৰে মন্ত্ৰী ড. শৰ্মাই।