আদিল হুছেইন অভিনীত ‘দিল্লী ক্ৰাইম’ উজ্জ্বলিল এমীছ ২০২০ ত
দৈনিক বাতৰি

আদিল হুছেইন অভিনীত ‘দিল্লী ক্ৰাইম’ উজ্জ্বলিল এমীছ ২০২০ ত - G Plus Assam

জি প্লাছ নিউজ | November 24, 2020 16:35 hrs

নেটফ্লিক্স ৱেব চিৰিজ ‘দিল্লী ক্ৰাইম’- য’ত অসমৰ জনপ্ৰিয় অভিনেতা আদিল হুছেইনেও অভিনয় কৰিছিল, সদ্যহতে ৪৮ তম আন্তঃ ৰাষ্ট্ৰীয় এমী এৱাৰ্ডচত সৰ্বশ্ৰেষ্ঠ ড্ৰামা চিৰিজ বঁটা লাভ কৰিবলৈ সক্ষম হয়।


হুছেইনে টুইটাৰ যোগে এই খবৰ ঘোষণা কৰে আৰু তেওঁৰ সহ-কৰ্মী শেফালী শ্বাহকো আভিনন্দন জনায়।


দিল্লী ক্ৰাইম ভাৰতীয়-কানডীয়ান ৰিছি মেহতাই পৰিচালনা কৰিছিল।

উক্ত চিৰিজখন দিল্লীৰ শিঁহৰণকাৰী ‘নিৰ্ভয়া’ দলবদ্ধ ধৰ্ষনৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছিল।