“মোদীৰ মানুহ বুলি কৈ আমাক ধৰিছিল।”- পাকিস্তানৰ পৰা মাতৃভূমিত ভৰি দিলেহি সীমান্ত শইকীয়া

Saturday, 29 February 2020

দৈনিক বাতৰি

“মোদীৰ মানুহ বুলি কৈ আমাক ধৰিছিল।”- পাকিস্তানৰ পৰা মাতৃভূমিত ভৰি দিলেহি সীমান্ত শইকীয়া

জিপ্লাছ নিউজ ডেস্ক | January 17, 2020 14:27 hrs

১৭ জানুৱাৰী, গুৱাহাটী : ভোগালী বিহুৰ উলহ মালহৰ মাজতে সুকলমে মাতৃভূমিত ভৰি দিলেহি মোৰাপানীৰ সীমান্ত শইকীয়াই। বহু অপেক্ষাৰ অন্তত কালি  পাকিস্তানৰ লান্ধী কাৰাগাৰৰ পৰা মুকলি হৈ স্বগৃহত প্ৰৱেশ কৰিলেহি সীমান্ত। 

ৰে’লৱে ষ্টেশ্যনতে ঢোলে ডগৰে, ফুলৰ মালা পিন্ধাই স্থানীয় লোকৰ লগতে পৰিয়ালৰ লোকে সীমান্তক উষ্ম আদৰণি জনাই। ২০১৮ বৰ্ষৰ ২৮ অক্টোবৰতে সীমান্তসহ ২০ গৰাকী ভাৰতীয় নাৱৰীয়াক আৰৱ সাগৰত মাছ মাৰিব যাওঁতে ভুলৱশতঃ পাকিস্তানৰ সীমা অতিক্ৰম কৰাৰ পাকিস্তানী সেনাই  কাৰণে আটক কৰিছিল। গুজৰাটৰ এটা কোম্পানীত কৰ্মৰত আছিল সীমান্ত। বিগত এক বছৰ ধৰি কাৰাৰুদ্ধ হৈ আছিল সীমান্তসহ আটকাধীন মাছমৰীয়াকেইগাৰকী।

সীমান্তৰ পৰিয়ালৰ লোকে তেওঁৰ মুকলিৰ কাৰণে  ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী সোণোৱালক আবেদন কৰাৰ পাছতে ৰাজ্য চৰকাৰে তৎক্ষণাৎ এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰে।ইয়াৰ পাছতে ২০১৯ বৰ্ষৰ ৯ জানুৱাৰীত সীমান্তসহ আটকাধীন সকলোকে পাকিস্তানৰ কাৰাগাৰৰ পৰা মুকলি কৰে।

সীমান্তই সমগ্ৰ অভিজ্ঞতা সম্পৰ্কে সংবাদমাধ্যমক কয় -“তাত খোৱা বোৱা একেবাৰে ঠিক নহয়।আমাক ৰাতিপুৱাই এখন ৰুটী খাবলৈ দিছিল। মোদীৰ মানুহ বুলি কৈ আমাক ধৰিছিল।”