অসম গণ পৰিষদ বিধায়িনী দলৰ ৫ লাখ টকাৰ সাহায্য বানাক্ৰান্তলৈ

Wednesday, 21 October 2020

দৈনিক বাতৰি

অসম গণ পৰিষদ বিধায়িনী দলৰ ৫ লাখ টকাৰ সাহায্য বানাক্ৰান্তলৈ

জিপ্লাছ নিউজ ডেস্ক | July 27, 2019 12:38 hrs

২৭ জুলাই, গুৱাহাটী : ৰাজ্যৰ বিভিন্ন ঠাইত সম্প্ৰতি বান পৰিস্থিতিৰ ভয়াবহতা কিছু শাম কাটিছে যদিও এতিয়াও ভালেমান ঠাইত পানী শুকুওৱা নাই। বহু ঠাইত এতিয়াও অবৰ্ণনীয় পৰিস্থিতি অব্যাহত আছে।

অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ফনীভূষণ চৌধুৰীকে আদি কৰি দলটোৰ বিধায়কসকলে মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ শুকুৰবাৰে ৫ লাখ টকাৰ সাহায্য আগবঢ়ায়।

সমগ্ৰ দেশবাসীয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰা আহ্বানৰ প্ৰতি সহাৰি জনাই ৰাজ্যখনৰ বানপীড়িত ৰাইজলৈ সাহায্য আগবঢ়াইছে। লগতে দেশৰ বিভিন্ন তাৰকা, ৰাজনীতিবিদে আৰু দেশবাসীয়ে  মুক্তহস্তে সাহায্য পুঁজিলৈ বানসাহায্য আগবঢ়াইছে। 
 

ফেচবুক