AJP hits back after Himanta Biswa's 'Chanda Collection' Jibe | Assamese News
দৈনিক বাতৰি

হিমন্ত বিশ্বৰ ‘চান্দা’ কটাক্ষত অজাপৰ প্ৰত্যুত্তৰ “বিজেপিয়ে ভয় খাইছে।”

নিবিড় ডেকা | September 15, 2020 15:16 hrs

গুৱাহাটীঃ অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বৰ্দ্ধমান ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰ্যৱেক্ষণ কৰি নতুন কৈ গঠিত দল ‘অসম  জাতীয় পৰিষদ’ৰ প্ৰত্যেক সমষ্টিৰ পৰা ৭০০-১৫০০ ভোটৰ পূৰ্বানুমান কৰিছে আৰু লগতে তেওঁলোকক ‘চান্দা’ খুজি ব্যৱ্সায়ীসকলক হাৰাশাস্তি নকৰিবলৈও অনুৰোধ।


‘‘দল হওক, সৱ হওক। কিন্তু চান্দা খুজি তেওঁলোকে যাতে কাকো হাৰাশাস্তি নকৰে।” এই বুলিও শৰ্মাই মন্তব্য কৰে।


শৰ্মাই অ.জা.প.ৰ আঞ্চলিকতাৰ দাবীকো প্ৰশ্ন কৰি কয় যে,“আঞ্চলিক শক্তি মানে কি বুজায়? আমিওতো আঞ্চলিক শক্তি। আমি কি ফৰেইনৰ শক্তি নেকি?”


অ.জা.প.ৰ আহ্বায়্ক ৰাজু ফুকনে শৰ্মাৰ মন্তব্যৰ প্ৰত্ত্যুতৰত জি প্লাছক জনায় যে,“ আমি ব্যক্তিগত নহয় সমস্যা ভিত্তিক ৰাজনীতি কৰিব বিচাৰো। আমাৰ উদ্দেশ্য শিক্ষা আৰু সংস্কৃতি, ব্যক্তিগত আক্ৰমণ কৰা নহয়।” লগতে তেওঁ কয়,“ বিজেপিয়ে নতুন দলৰ গঠনত ভয় খাইছে।”


সমসাময়িকভাৱে, বিজেপি মন্ত্ৰী পীযুষ হাজৰিকাই অসম জাতীয় পৰিষদক ‘‘অসম গণ পৰিষদৰ COPY PASTE” দল বুলি কোৱাৰ লগতে ‘‘ৰঘুমলা” হ’ব যোৱাৰো আখ্যা কৰে।


পূৰ্বতে, সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু অসম জাতীয়্তাবাদী যুৱ ছাত্ৰ পৰিষদ (অ.জা.য়ু.ছা.প.) য়ে সোমবাৰে তেওঁলোকৰ নতুন ৰাজনৈতিক দলক  ‘অসম জাতীয় পৰিষদ’ (অ.জা.প.)  নামেৰে নামাকৰণ কৰিছিল।