ক'ৰোনা সাহায্য পুঁজিলৈ বলীউড তাৰকা অক্ষয় কুমাৰৰ ২৫ কোটি টকা

Saturday, 06 June 2020

দৈনিক বাতৰি

ক'ৰোনা সাহায্য পুঁজিলৈ বলীউড তাৰকা অক্ষয় কুমাৰৰ ২৫ কোটি টকা

জিপ্লাছ নিউজ ডেস্ক | March 29, 2020 10:36 hrs

২৯ মাৰ্চ, গুৱাহাটীঃ দেশজুৰি ক'ৰোনাৰ বিভীষিকা। বলীউড তাৰকা অক্ষয় কুমাৰে শনিবাৰে ভাৰত চৰকাৰৰ কৰোনা সাহায্য পুঁজিলৈ ২৫ কোটি টকা আগবঢ়াই।

তাৰকাগৰাকীয়ে টুইটাৰ যোগে পষ্ট কৰে-“তেওঁ নিজ জমা পুঁজিৰ পৰা এই টকাখিনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কৰোনা সাহায্য পুঁজিলৈ বৰঙনি হিচাপে আগবঢ়াই। এইখিনি সময়ত আমি জীয়াই থকাটোহে সকলোতকৈ প্ৰয়োজনীয়।"

পূৰ্বে ২৮ মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পিএম-কেয়াৰছ সাহায্য পূঁজিৰ ঘোষণা কৰে। তেওঁ দেশবাসীক সামৰ্থয অনুযায়ী কোভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ এই সাহায্য পুঁজিত বৰঙনি আগবঢ়াবলৈ আহ্বান কৰিছিল।