কৰণ জোহৰ আৰু কিৰণ খেৰৰ বিৰুদ্ধে গোচৰ তৰিলে সদৌ কলিতা ছাত্ৰ সন্থাই
দৈনিক বাতৰি

কৰণ জোহৰ আৰু কিৰণ খেৰৰ বিৰুদ্ধে গোচৰ তৰিলে সদৌ কলিতা ছাত্ৰ সন্থাই

জি প্লাছ নিউজডেস্ক | November 16, 2018 14:35 hrs

গুৱাহাটী - চিত্ৰনিৰ্মাতা কৰণ জোহৰ আৰু অভিনেত্ৰী তথা বিজেপি নেত্ৰী কিৰণ খেৰৰ বিৰুদ্ধে এইবাৰ গোচৰ তৰিলে সদৌ অসম কলিতা ছাত্ৰ সন্থাই। তিনিচুকীয়া আৰক্ষী থানাত গোচৰ তৰিছে ছাত্ৰ সংগঠনটোৱে। উল্লেখ্য যে কালাৰ্ছ টেলিভিছনযোগে সম্প্ৰচাৰ হৈ থকা ইণ্ডিয়াজ গট টেলেণ্ড নামৰ এক জনপ্ৰিয় অনুষ্ঠানৰ বিচাৰক হিচাপে থকা দুয়োগৰাকী শিল্পীয়ে উত্তৰ-পূৱৰ পৰিধান তথা সংস্কৃতিক লৈ বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল।

কৰণ জোহৰে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলযো়গে প্ৰকাশ কৰা এক ভিডিঅ’ত দেখা গৈছিল যে অৰুণাচল প্ৰদেশ আৰু অসমৰ কোনো প্ৰতিযোগীয়ে উপহাৰ হিচাপে শিল্পী দুগৰাকীক প্ৰদান কৰা শিৰোধানক লৈ ব্যঙ্গাত্মক মন্তব্য কৰিছিল।

পৰৱৰ্তী সময়ত ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চিত হোৱাৰ লগতে বিভিন্ন পক্ষই কটু সমালোচনা কৰিছিল কৰণ জোহৰ-কিৰণ খেৰক। ইয়াৰ পিছতে অৱশ্যে কৰণ জোহৰে ৰাজহুৱাহৈ টুইটাৰযোগে ক্ষমা বিচৰাৰ লগতে ভিডিঅ’টো ইনষ্টাগ্ৰামৰ পৰা আঁতৰাইয়ো দিছিল। আজি এই সন্দৰ্ভতেই সদৌ অসম কলিতা ছাত্ৰ সন্থাই দুয়োগৰাকী বিচাৰকৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষী থানাত গোচৰ তৰিছে।

সদৌ অসম কলিতা ছাত্ৰ সন্থাই দাখিল কৰা এজাহাৰ (বাওঁফালে), কৰণ জোহৰে আপলোড কৰা ভিডিঅ’ৰ স্থিৰচিত্ৰ