‘মহিলাৰ দল’ - আঞ্চলিকতাবাদৰ ভিত্তিত কেৱল মহিলাৰে গঠিত নতুন ৰাজনৈতিক দল | Assamese News Update

Wednesday, 02 December 2020

দৈনিক বাতৰি

‘মহিলাৰ দল’ - আঞ্চলিকতাবাদৰ ভিত্তিত কেৱল মহিলাৰে গঠিত নতুন ৰাজনৈতিক দল - G Plus Assam

নিবিড় ডেকা | October 30, 2020 15:59 hrs

গুৱাহাটীঃ আগন্তুক অসম বিধান সভাৰ নিৰ্বাচনৰ বাবে কেৱল মহিলা সকলেৰে গঢ়ি উঠিলে এটা নতুন ৰাজনৈতিক দল মহিলাৰ দল। এই দলটিয়ে আগন্তুক নিৰ্বাচনীত কেৱল মহিলা প্ৰাৰ্থীক লৈ নিৰ্বাচনত নামিব।


জি প্লাছে দলটোৰ সভাপতি ভৱানী বড়োৰ লগত কথোপকথন কৰিছিল, যি প্ৰকাশ কৰে যে দলটো গঠন কৰা হয় আঞ্চলিকতাবাদী শক্তিসমূহ একছত্ৰ হোৱাত বিফল হোৱাৰ বাবে। 


“এনে কিবা হ’লে মহিলায়ে আটাইতকৈ বেছি ভুগিব লগা হয়।” বড়োয়ে কয়।


সভাপতি গৰাকীয়ে লগতে এইটোও কয় যে ক্ৰমাগত ৰাজনৈতিক দলসমূহে সদায়ে মহিলাৰ ৰাজনৈতিক অৱদানক অগ্ৰাহ্য কৰি আহিছে।


“ইয়াত মহিলা নেতা আছে কিন্তু প্ৰতিনিধিত্ব অতি কম। অসম গণ পৰিষদল (এ জি পি)লৈ চাওঁক। অসম আন্দোলনৰ পিছত দলটো গঠন কৰা হৈছিল য'ত বহুতো মহিলাই অংশগ্ৰহণ কৰিছিল। কিন্তু অতি নগণ্য সংখ্যক মহিলাকহে সুবিধা দিয়া হ’ল।” বড়োয়ে জি প্লাছক কয়।


দলটিয়ে বৰ্ত্তমানলৈকে সৰ্বমুঠ কিমান প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিব তাক লৈ সিদ্ধান্ত লোৱা নাই যদিও পাঁচ গৰাকী প্ৰাৰ্থী বৰ্ত্তমানলৈকে নিৰ্বাচিত কৰা হৈছে।