সুদীৰ্ঘ ৪০ বছৰৰ সশস্ত্ৰ সংগ্ৰামৰ অন্তত আজি স্বাক্ষৰিত হ’ব  বড়ো শান্তি চুক্তি

Tuesday, 31 March 2020

দৈনিক বাতৰি

সুদীৰ্ঘ ৪০ বছৰৰ সশস্ত্ৰ সংগ্ৰামৰ অন্তত আজি স্বাক্ষৰিত হ’ব  বড়ো শান্তি চুক্তি

জিপ্লাছ নিউজ ডেস্ক | January 27, 2020 11:12 hrs

২৭ জানুৱাৰী, গুৱাহাটী : আজি স্বাক্ষৰিত হ’ব বহুপ্ৰত্যাশিত বড়ো শান্তি চুক্তি। চাৰি দশকজোৰা  সশস্ত্ৰ সংগ্ৰামৰ অন্তত আজি নতুন দিল্লীত বিয়লি ডেৰ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত এনডিএফবিৰ চাৰিওটা গোটসহ এবছুৰ সৈতে তৃতীয়খন ত্ৰিপাক্ষিক চুক্তি সম্পন্ন হ’ব। 

বড়ো শান্তি চুক্তিৰ নেতৃত্ব দিব বি ছাড়াইগৌড়া আৰু বি আৰ ফেৰেংগাই। ধীৰেণ বড়ো গোটৰ এনডিএফবি শীৰ্ষ নেতৃত্ব, গোবিন্দ বসুমতাৰী নেতৃত্বাধীন এনডিএফবি - প্ৰগেছিভ দলৰ নেতাসকল ইতিমধ্যে দিল্লীত উপস্থিত হৈছেগৈ।  আনহাতে যোৱা ২৫ জানুৱাৰীত যে ডি আৰ নাবলা ওৰফে ৰঞ্জন দৈমাৰীয়ে আদালতৰ পৰা অন্তৱৰ্তী জামিন লৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি হৈ নতুন দিল্লীত বাহৰ পাতিছেগৈ।

আজি হ’বলগীয়া এই চুক্তিৰ বাবে কালিয়েই বিশেষ বিমানেৰে নতুন দিল্লীত উপস্থিত হৈছেগৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , বিত্ত তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী। উক্ত চুক্তিত ৰ্জায চৰকাৰৰ হৈ স্বাক্ষৰ কৰিব মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। ইফালে কেন্দ্ৰ চৰকাৰৰ হৈ স্বাক্ষৰ কৰাৰ সময়ত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লগতে এই চুক্তিত স্বাক্ষৰ  কৰিব যুটীয়া সচিব সত্যেন গাৰ্গে

এই চুক্তিক সমৰ্থন কৰি হাগ্ৰামা মহিলাৰীয়ে কয়- “এই চুক্তিক লৈ আমি অত্যন্ত আশাবাদী।”

ইফালে সমাজ কল্যান মন্ত্ৰী  প্ৰমিলা ৰাণী ব্ৰহ্মই ইউ চুক্তি সন্দৰ্ভত কয় - “বড়ো চুক্তি কেৱল বড়ো জনগোষ্ঠীৰ বাবে নহয়, সকলো জনগোষ্ঠীৰ বাবে হ’ব এই চুক্তি।”

ইতিমধ্যে চুক্তি স্বাক্ষৰৰ পূৰ্বে পুৱাৰ ভাগতে বড়ো নেতৃত্ববৰ্গৰ নেতাসসকলে জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিস্থলী ৰাজঘাটত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।