ভুৱা প্ৰমানপত্ৰ দাখিলেৰে চক্ৰবিষয়াৰ পদত কৰ্মৰত মুনচুন বৰকাকতি, অভিযোগ ৰূপজ্যোতি কূৰ্মীৰ
দৈনিক বাতৰি

ভুৱা প্ৰমানপত্ৰ দাখিলেৰে চক্ৰবিষয়াৰ পদত কৰ্মৰত মুনচুন বৰকাকতি, অভিযোগ ৰূপজ্যোতি কূৰ্মীৰ

জিপ্লাছ ব্যুৰ’ | August 13, 2019 19:12 hrs

১৩, আগষ্ট, গুৱাহাটী : এ পি এছ চিত আন এক কেলেংকাৰী! বৰ্তমান মাৰ্ঘেৰিটাত ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত মুনচুন বৰকাকতিৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। সংশ্লিষ্ট বিষয়াগৰাকীয়ে জাতিৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি এ পি এছ চি ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অভিযোগ উত্থাপন কৰে বিধায়ক গৰাকীয়ে। 

শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধান সভা অধিৱেশনৰ সময়ত বিধায়কগৰাকীয়ে এই ভয়াবহ তথ্য ফাদিল কৰে। অভিযোগ অনুসৰি এই মনচুন বৰকাকতিয়ে সাধাৰণ জাতিৰ হৈও পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ভুৱা অন্যান্য পিছপৰা জাতিৰ প্ৰমাণ পত্ৰ উলিয়াইছিল। গোলাঘাটৰ বেতিয়নী কাকতি গাৱঁৰ গাওঁবুঢ়াৰ এখন প্ৰমাণ পত্ৰত এই কথা ধৰা পৰে।

ইফালে মনচুন বৰকাকতিয়ে এই সন্দৰ্ভত প্ৰকাশ কৰে যে তেওঁ চৰকাৰৰ নিয়ম-নীতি অনুসৰণ কৰিয়েই তথা এপিএছচিৰ সত্যাপন প্ৰক্ৰিয়াৰ মাজেৰেই চাকৰি লাভ কৰিছে আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী হয় বাবেই প্ৰমাণ পত্ৰ দাখিল কৰিবলৈ সক্ষম হৈছে। আনকি এই সন্দৰ্ভত যদিহে কোনো তদন্ত হয়, তাত সহযোগ কৰিবলৈও সাজু আছে বুলিও উল্লেখ কৰে চক্ৰ বিষয়াগৰাকীয়ে।

(উৎস - প্ৰাগ নিউজ)

Banner