চিৰিয়াখানাত নিৰ্মাণ হ’ল কৃত্ৰিম গা -ধোৱা তথা কৃত্ৰিম পাংখা ব্যৱস্থা
১১ জুন, গুৱাহাটী - গুৱাহাটীত ক্ৰমাৎ বৃদ্ধি পাইছে গৰম। তীব্ৰ গৰমৰ প্ৰতি লক্ষ্য ৰাখিয়েই অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই শেহতীয়াকৈ জীৱ-জন্তুবোৰৰ বাবে কৃত্ৰিম গা-ধোৱাৰ ব্যৱস্থা কৰি দিছে আৰু লগতে বৈদ্যুতিক পাংখাৰো ব্যৱস্থা কৰা হৈছে।
অসম ৰাজ্যিক চিৰিয়াখানাৰ জনসম্পৰ্কৰক্ষী বিষয়া অপৰাজিতা বৰবৰাই জিপ্লাছক এই সন্দৰ্ভত কয়, “গুৱাহাটীত ক্ৰমাৎ বৃদ্ধি পোৱা গৰমৰ প্ৰতি লক্ষ্য ৰাখি চিৰিয়াখানা কৰ্তৃপক্ষই ইয়াৰে জীৱ-জন্তুবোৰক অসুবিধা নোপোৱাকৈ ৰখাৰ সকলো চেষ্টা অব্যাহত ৰাখিছে।
বৰবৰাই লগতে উল্লেখ কৰে যে চিৰিয়াখানা কৰ্তৃপক্ষই পাইপ ব্যৱহাৰ কৰিও সময়ে সময়ে জন্তুবোৰক স্নান কৰোৱায়।
“ইয়াৰ উপৰিও বাঘ আৰু সিংহৰ লগতে কিছুমান জীৱ-জন্তুৰ বাবে কৃত্ৰিম পাংখাৰো ব্যৱস্থা কৰা হৈছে।’