1 Fresh COVID-19 Case from GMCH Post Reopening | Assamese News
দৈনিক বাতৰি

ক’ভিড-১৯ : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা কণ্টেইনমেণ্ট জ’ন আঁতৰোৱাৰ পিছতে আক্ৰান্ত এজন

জিপ্লাছ | May 16, 2020 10:42 hrs

১৬ মে’, গুৱাহাটী - ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই ১৫ মে’ত টুইটাৰযোগে ঘোষণা কৰে যে অসমত আৰু তিনিগৰাকী লোকৰ দেহত পোৱা গৈছে ক’ভিড-১৯ পজিটিভ। 

এই নতুনকৈ আক্ৰান্ত হোৱা লোককেইগৰাকীৰ ভিতৰত এগৰাকী সৰুসজাইৰ কোৰেণ্টাইন কেন্দ্ৰত থকা লোক, এগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হস্পিতালত চিকিৎসা গ্ৰহণ কৰি থকা লোক আৰু আনগৰাকী পশ্চিমবঙ্গলৈ প্ৰব্ৰজিত হোৱা লোক।

উল্লেখ্য যে কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পৰা কণ্টেইনেমেণ্ট জ’নৰ স্বীকৃতি আঁতৰোৱাৰ পিছতে এনেদৰে পজিটিভ ৰোগী ওলোৱা কথাটোৱে এক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এই পৰ্যন্ত ৰাজ্যত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৮৯ লৈ। ইয়াৰ ভিতৰত ৪৪ গৰাকী লোক চিকিৎসাধীন হৈ আছে আৰু ২ গৰাকী লোকৰ মৃত্যু হৈছে। 

ইফালে ৪১ গৰাকী লোকে নিৰাময় লাভ কৰিছে আৰু ২ গৰাকী লোক অসমৰ পৰা ইতিমধ্যেই আন ৰাজ্যলৈ প্ৰব্ৰজন কৰিছে।