Guwahati's Grandmother of Age 101-Years Recovers From COVID-19 | Assamese News
দৈনিক বাতৰি

গুৱাহাটীৰ ১০১ বছৰীয়া আইতা ক’ভিড-১৯ৰ পৰা আৰোগ্য হয়

জি প্লাছ নিউজ | September 16, 2020 10:42 hrs

গুৱাহাটীঃ এগৰাকী ১০১ বছৰীয়া মহিলা, গুৱাহাটীৰ হাতীগাঁৱ অঞ্চলৰ মাদাৰচ অল্ড এজ হোমৰ বাসিন্দা, ক’ভিড-১৯ৰ পৰা আৰোগ্য হয়।


তেওঁ ৭ ছেপ্টেম্বৰৰ দিনা ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰ পোৱা যায়, তেওঁৰে সহ-বাসিন্দা আন এগৰাকী ৭৫ বছৰীয়া মহিলাৰ লগত।


তেওঁলোক দুয়ো মংগলবাৰ, ১৫ ছেপ্টেম্বৰৰ দিনা  ভাইৰাছৰ লগত সংগ্ৰামত বিজয়ী হয় আৰোগ্য হৈ উঠে। তেওঁলোকক আক্ৰান্ত হোৱাৰ পিছতে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল আৰু ডা. ফাৰুক আৰু তেওঁৰ দলৰ তত্বাৱধানত ৰখা হৈছিল।


আৰোগ্যতাৰ বাতৰি আগবঢ়াই, মাদাৰচ অল্ড এজ হোমৰ কর্তৃপক্ষই কয় যে,“অৱশেষত, ১০১ বছৰীয়া আইতা আৰু ৭৫ বছৰীয়া মাহী ক’ভিড-১৯ৰ পৰা আৰোগ্য হয়।”