Assam : Class 10 Dhuburi Girl Dies of COVID-19 | Assamese News
দৈনিক বাতৰি

ধুবুৰীৰ এগৰাকী ১৬-বছৰীয়া শিশুয়ে জীৱন হেৰুৱাই কোভিড-১৯ত

জি প্লাছ নিউজডেস্ক | September 12, 2020 17:58 hrs

গুৱাহাটীঃ ৰমিশা খাতুন, ধুবুৰীৰ চাপৰ অঞ্চলৰ এগৰাকী ১৬-বছৰীয়া কিশোৰীয়ে কোভিড-১৯ত নিজৰ জীৱন হেৰুৱাই।


তেওঁ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী আছিল যি অহা বৰ্ষৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে অৱতীৰ্ণ হ’লহেতেন।


প্ৰথমে, খাতুনে পেটৰ অসুবিধাৰ অভিযোগ কৰাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়্ত ভৰ্ত্তি কৰোৱা হয়।


জি প্লাছে পৰিয়ালৰ লোকৰ লগত যোগাযোগ কৰাত তেওঁলোকে জনায় যে,“ আমি তাইক গোৱালপাৰা চিকিৎসালয়লৈ লৈ যাওঁ আৰু তাৰ পিছ্ত তাইক কোভিড প’জিটিভ ঘোষণা কৰা হয়।”


পৰিয়ালৰ লোকে তাৰ পিছত কোৱাৰান্টাইনৰ বাবে ৰমিশাক ক’ত ভৰ্ত্তি কৰা যায় পৰিকল্পনা কৰি আছিল।


তাৰ পিছতে ৰমিশাই শ্বাস-প্ৰশ্বাসত অসুবিধা পায় আৰু বমি আৰম্ভ হয়। তাৰ পিছতে ৰমিশা ভাইৰাছৰ চিকাৰ হয়।


“এইটো আমাৰ কাৰণে বহু কঠিন পৰিস্হিতি কাৰণ আমি তাইক ভাল চিকিৎসাও দিব নোৱাৰিলো। তাই সুস্থ হৈয়ে আছিল।” ৰমিশাৰ ককাকে জনায়।


ৰমিশাৰ মৃত্যুৰ বাতৰি এইটো সপ্তাহৰ আৰম্ভণিতে ১৪ বছৰীয়া নগাঁৱৰ আন এগৰাকী কিশোৰী কোভিড-১৯ৰ  মৃত্যুৰ পিছতে আহে, যি অসমৰ আটাইতকৈ কম বয়সীয়াললোকসকলৰ মৃত্যুৰ ভিতৰত এটা।