ডিব্ৰুগড়ত পানীত পৰি তিনিগৰাকী কিশোৰীৰ সলিল সমাধি
দৈনিক বাতৰি

ডিব্ৰুগড়ত পানীত পৰি তিনিগৰাকী কিশোৰীৰ সলিল সমাধি

জিপ্লাছ নিউজ ডেস্ক | July 02, 2020 14:22 hrs


২ জুলাই, গুৱাহাটীঃ ডিব্ৰুগড়ৰ  টিংখাঙত অঘটন। টিংখাং অঞ্চলৰ ২ নং দীঘলীয়া গাঁৱৰ পথৰ সমীপতে থকা এটা দ- জান পাৰ হ’বলৈ যাওঁতেই  কিশোৰী ৩ গৰাকী পানীত বুৰ গৈ মৃত্যুৰ মুখত পৰে। 

টিংখাঙৰ সহকাৰী আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই  এই শোকাৱহ দুৰ্ঘটনা সন্দৰ্ভত সংবাদমাধ্যমক জনায় যে ১ জুলাইৰ পুৱাতে আৰক্ষীক  কিশোৰী তিনিগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ সম্পৰ্কে অৱগত কৰিছিল। পানীত ডুব গৈ কিশোৰীগকেইগৰাকীয়ে মৃত্যুৰ মুখত পৰে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈয়েই মৃতদেহকেইটা মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত টিংখাং আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে।