ৰাজ্যৰ ৪০ লাখ শিক্ষাৰ্থীক ঘৰতে মধ্যাহ্ন ভোজন বিতৰনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ 

Wednesday, 01 April 2020

দৈনিক বাতৰি

ৰাজ্যৰ ৪০ লাখ শিক্ষাৰ্থীক ঘৰতে মধ্যাহ্ন ভোজন বিতৰনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ 

জিপ্লাছ নিউজ ডেস্ক | March 25, 2020 16:30 hrs

২৫ মাৰ্চ, গুৱাহাটীঃ ৰাজ্যৰ ১৪ বছৰৰ অনুৰ্ধ্বৰ ৪০ লাখ শিক্ষাৰ্থীক ঘৰতে মধ্যাহ্ন ভোজন বিতৰনৰ ঘোষণা মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ। আজি বিয়লি ৪ বজাত কৰোনাৰ সন্দৰ্ভত এক সংবাদমেলত এই কথা ঘোষণা কৰে সচিবগৰাকীয়ে।

ৰাজ্যত কৰোনাৰ ভয়াবহ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি ৩১ মাৰ্চলৈকে শিক্ষাৰ্থীসকলৰ কাৰণে এই পদক্ষেপ লোৱা হৈছে। পৰৱৰ্তী পৰ্যায়ত প্ৰয়োজন হ'লে এই সময়সীমা বৃদ্ধি হ’ব পাৰে বুলিও সঞ্জয় কৃষ্ণই জনায়।

লগতে তেওঁ কয় যে-"পূৰ্বৰ দৰেই বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ বাবে সামগ্ৰী যোগান ধৰা হ’ব। আমি প্ৰতিশ্ৰুতি দিছো যে কোনো শিক্ষাৰ্থীয়ে ভোকত কটাব নালাগে।"