কি আছে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কমিটীৰ প্ৰতিবেদনত?

Monday, 30 March 2020

দৈনিক বাতৰি

কি আছে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কমিটীৰ প্ৰতিবেদনত?

জিপ্লাছ নিউজ ডেস্ক | February 18, 2020 11:31 hrs

১৮ ফেব্ৰুৱাৰী, গুৱাহাটী : সমগ্ৰ ৰাজ্যজুৰি চৰ্চা হৈ থকা অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰীকৰণৰ সন্দৰ্ভত অনিশ্চয়তা কেন্দ্ৰীয় চৰকাৰৰ।  দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইয়াৰ বিভিন্ন বিষয়সমূহ সমাধানৰ বাবে যোৱা বৰ্ষৰ জানুৱাৰীত এখন উচ্চস্তৰীয় সমিতি তথা ৰূপায়ণ কমিটী গঠন কৰে।

 ১৩ জন সদস্যৰে স্বাক্ষৰিত প্ৰতিবেদন গৃহ মন্ত্ৰণালয়ৰ হাতত পৰাৰ পিছতো আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা নাই গৃহমন্ত্ৰীয়ে?


কি আছে অসং চুক্তিৰ ৬ নং দফা ৰূপায়ণ কমিটীৰ প্ৰতিবেদনত?

•অসম বিধানসভা আৰু লোকসভাত দুই তৃতীয়াংশ আসন খিলঞ্জীয়াৰ কাৰণে সংৰক্ষণ কৰা হওক। তাৰ উপৰি ১৬ শতাংশ আসন অনুসূচিত জাতি আৰু জনজাতিৰ কাৰণে সংৰক্ষণ কৰা ৰখা হওক। এই পৰামৰ্শত সহমত পোষণ কৰিছে ১০জন সদস্যই। বাকী তিনিজন সদস্যই ১০০ শতাংশই সংৰক্ষণ হোৱাটো বিচাৰিছে।
 
• ১৯৫১ চনৰ নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত লোকসকলৰ সতি–সন্ততিক জাতি, উপজাতি, জনগোষ্ঠী, ধৰ্ম, ভাষা, বৰ্ণ ভেদে খিলঞ্জীয়া বুলি ধৰা হওক।

• অসমত উচ্চ সদন গঠন কৰা হওক।

• অসমত ইনাৰ লাইন পাৰমিট ব্যৱস্থা প্ৰৱৰ্তন কৰা যাওক।

• ৰাজ্য চৰকাৰৰ অধীনৰ চাকৰিৰ ক্ষেত্ৰত খিলঞ্জীয়াৰ কাৰণে ৮০ শতাংশ সংৰক্ষণ কৰা হওক।

• অসমীয়া আৰু খিলঞ্জীয়া ভাষাসমূহৰ উত্তৰণৰ কাৰণে পদক্ষেপ লোৱা হওক।

• কমিটীখনৰ Terms of Referenceত অসম বিধানসভা আৰু স্থানীয় নিকায়–নিগমত অসমীয়া লোকৰ কাৰণে সংৰক্ষণৰ সন্দৰ্ভত পৰামৰ্শ আৰু চাকৰিৰ ক্ষেত্ৰত খিলঞ্জীয়াৰ কাৰণে সংৰক্ষণৰ দিশত পৰামৰ্শৰ কথা কোৱা হৈছে।


উচ্চতম ন্যায়ালয়ে সংৰক্ষণৰ ক্ষেত্ৰত ৫০ শতাংশৰ সীমাৰেখা নিৰ্ধাৰণ কৰি থৈছে। আৰু যোৱা ডিচেম্বৰত এখন ৰাজপত্ৰিত জাননীৰ যোগেদি অসমক কেন্দ্ৰীয় চৰকাৰে ইনাৰ লেণ্ড পাৰমিট ব্যৱস্থাৰ পৰা আঁতৰাই আনিছে।