Assam Actor Devoleena Bhattacharjee of Bigg Boss Fame Donates to CM Relief Fund | Assamese News
দৈনিক বাতৰি

বিগ বছখ্যাত দেৱলীনা ভট্টাচাৰ্য্যৰ বৰঙণি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ

জিপ্লাছ | May 28, 2020 11:27 hrs

২৮ মে’, গুৱাহাটী - জনপ্ৰিয় অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই অসমৰ  মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়াইছে। বিশেষকৈ শেহতীয়াকৈ ৰাজ্যত উদ্ভৱ হোৱা বান আৰু গঢ়াখহনীয়া পৰিস্থিতিত ব্যাপকভাৱে প্ৰভাৱিত হোৱা লোকসকলক সহায় কৰাৰ উদ্দেশ্যেই এই বৰঙণি আগবঢ়াইছে অভিনেত্ৰীগৰাকীয়ে। 

আজি এক টুইটযোগে অভিনেত্ৰীগৰাকীয়ে কয়, “মই অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৭৩০০০ টকা বৰঙণি আগবঢ়াইছো আৰু মই ভাবো এনে এক জটিল সময়ত ৰাজ্য চৰকাৰে চলাই থকা সংগ্ৰামখনলৈ সহায় আগবঢ়াবৰ বাবে সকলো আগবাঢ়ি আহিব লাগে।”

উল্লেখ্য যে বিগত বৰ্ষত অসমত জন্মগ্ৰহণ কৰা দেৱলীনাই জনপ্ৰিয় টেলিভিছন শ্ব’ বিগ বছত অংশগ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে স্বাস্থ্যজনিত কাৰণত দেৱলীনাই আধাতে সেই অনুষ্ঠান এৰি আহিবলৈ বাধ্য হৈছিল।