Assam: Defamation Case Of Worth Rs 10 Crore To Be Filed Upon AJP | Assamese News
দৈনিক বাতৰি

অসম জাতীয় পৰিষদক ১০ কোটি টকাৰ মানহানি গোচৰৰ ভাবুকি লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ

নিবিড় ডেকা | September 21, 2020 11:39 hrs

গুৱাহাটীঃ  নতুনকৈ গঠিত অসম জাতীয় পৰিষদ নৱ-অন্তৰ্ভুক্ত সদস্যক লৈ কৰা দাবীৰ বাবে এইবাৰ বিপদত পৰিছে।


দলটিয়ে কৰা মন্তব্যৰ মতে, লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ সাধাৰণ সম্পাদক পাৰ্থ প্ৰতীম বেজবৰুৱা সহ, বিভিন্ন জিলাৰ প্ৰধান বিষয়ববীয়া সকলে অজাপত যোগদান কৰে।


কিন্তু, লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰাই এই সকলো দাবী নস্যাৎ কৰে আৰু লগতে ১০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰাৰ  মনোবাঞ্ছাও ব্যক্ত কৰে।


জি প্লাছৰ লগত হোৱা কথোপকথনত প্ৰদ্যুৎ বৰাই কয় যে,“৭২ জন লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ সদস্যই যোগদান কৰাটো অতিৰঞ্জিত।”


বৰাই লগতে অজাপৰ দ্বাৰা টুইটাৰত ভুৱা বাতৰি প্ৰচাৰৰো অভিযোগ উঠায়। অজাপে লিখিছিল যে, ‘‘কেন্দ্ৰীয় সভাপতি চন্দ্ৰপল বৰুৱাসহ সকলো ৰাজ্যিক বিষয়ববীয়া, যুৱ মৰ্চাৰ দৰং, ডিব্ৰুগড়, যোৰহাট, মাজুলী জিলা সমিতিৰ সমূহ বিষয়ববীয়াই আনুস্থানিক ভাৱে অসম জাতীয় পৰিষদত যোগদান কৰে|''

ইয়াৰ প্ৰত্ত্যুতৰত অজাপৰ আহ্বায়ক, বসন্ত ডেকাই জি প্লাছক কয় যে,“আমাৰ ওচৰত যোগদান কৰা সকলৰ তালিকা আছে। তেওঁলোকে যদি বিচাৰে আমি তেওঁলোকক সম্পূৰ্ণ তালিকা দিব পাৰো তাৰ আঁৰত কোনো ৰহস্য নাই।”


এলডিপিয়ে ২১ ছেপ্টেম্বৰৰ ভিতৰত অজাপৰ পৰা উত্তৰ বিচাৰিছে। “নহ’লে আমি আইনীগত ব্যৱ্স্থা ল’ম।” বৰাই জি প্লাছক জনায়।