কেৱল অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰ বাহিৰে সকলো শিক্ষাৰ্থীকে বিনা পৰীক্ষাৰে কৰা হ’ব উৰ্ত্তীণ
দৈনিক বাতৰি

কেৱল অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰ বাহিৰে সকলো শিক্ষাৰ্থীকে বিনা পৰীক্ষাৰে কৰা হ’ব উৰ্ত্তীণ - G Plus Assam

জি প্লাছ নিউজ | October 17, 2020 15:01 hrs


অসমৰ শিক্ষানুষ্ঠানসমূহ পুণৰ খোলা হ’ব ২ নৱেম্বৰৰ পৰা, ১৭ অক্টোবৰৰ এখন সংবাদ মেলত শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে।


শৰ্মায়ে লগতে জনায় যে বছৰটোৰ বাবে কেৱল অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰহে অনুষ্ঠিত হ’ব পৰীক্ষা। অষ্টম শ্ৰেণীৰ বাবে ব্যক্তিগতভাৱে অনুষ্ঠিত কৰিব পাৰিব পৰীক্ষা।


ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ অফলাইন ক্লাছ দুটা ভাগত হ’ব - পুৱা ৮.৩০ বজাৰ পৰা ১২.৩০ আৰু ১.৩০ বজাৰ পৰা ৪.৩০ লৈ। লগতে শৰ্মায়ে এইটোও জনায় যে শ্ৰেণী সমূহত উপস্থিত থকা বাধ্যতামূলক নহয় আৰু উপস্থিতিৰ হাৰও লোৱা নহ’ব। অনলাইন শ্ৰেণী সমূহ ও সমান্তৰালভাৱে চলি থাকিব।


পঞ্চম মান লৈকে যদিও বিদ্যালয় বন্ধ থাকিব, কিন্তু সেই শিক্ষাৰ্থীসকল অনানুষ্ঠানিকভাৱে শিক্ষাজনিত কাৰণত আৰু মধ্যাহ্ন ভোজনৰ বাবে বিদ্যালয়লৈ যাব পাৰিব। প্ৰথমৰ পৰা পঞ্চম মানৰ বাবে বিদ্যালয় খোলাৰ সিদ্ধান্ত ডিচেম্বৰ মাহত লোৱা হ’ব বুলি শৰ্মায়ে জনায়।

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Jack

    That means including all the school and even private school or Wat in Assam to be promoted but in the first page I think it's mistakes how they posted