অসমত ছেপ্টেম্বৰৰ পৰা ৩০ বছৰৰ তলৰ কমেও ১০ জন লোকৰ ক’ভিড-১৯ ত মৃত্যু
দৈনিক বাতৰি

অসমত ছেপ্টেম্বৰৰ পৰা ৩০ বছৰৰ তলৰ কমেও ১০ জন লোকৰ ক’ভিড-১৯ ত মৃত্যু - G Plus Assam

জি প্লাছ নিউজ | October 19, 2020 10:51 hrs

২০২০ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা অসমৰ কমেও ৩০ বছৰৰ তলৰ ১০ জন লোকৰ মৃত্যু  হৈছে ক’ভিড-১৯ ত। 


কনিষ্ঠতম মৃতকজন হৈছে বৰপেটাৰ আমিনা পাৰবীণ যি ৭ অক্টোবৰত ভাইৰাছৰ কৱলত মৃত্যু মূখত পৰিছিল। তেওঁৰ বয়স ১ বছৰ ৬ মাহ আছিল।


১৪ ছেপ্টেম্বৰত, ৩০ বছৰৰ তলৰ দুগৰাকী ক্ৰমে ৰশ্মি হাতীকাকতি (২৬) আৰু প্ৰিয়ংকা শইকীয়া (২৪)ৰ ভাইৰাছৰ কৱলত পৰি মৃত্যু হৈছিল।


কমল কলিতা (২৫), প্ৰিয়া বৈশ্য (২৬), টপু নাথ (২১), ফৈদুল আলি (১৭), প্ৰিয়ংকা উপাধ্যায় (২৪) আৰু শ্ৰেয়া ঘোষ (১২) ছেপ্টেম্বৰতে ভাইৰাছৰ চিকাৰ হোৱা আন কেইজনমান ব্যক্তি।


অক্টোবৰ মাহত, গোলাঘাটৰ মণিকা ভুঞ্জি (১৭) এই COVID-19 ভাইৰাছৰ কৱলত পৰি মৃত্যু মুখত পৰে।