৪৬ স্বৰ্ণসহ ১৪০ টা পদকেৰে উত্তৰ-পূৱ অলিম্পিক গেমছত অসমৰ উজ্জীৱিত প্ৰদৰ্শন
দৈনিক বাতৰি

৪৬ স্বৰ্ণসহ ১৪০ টা পদকেৰে উত্তৰ-পূৱ অলিম্পিক গেমছত অসমৰ উজ্জীৱিত প্ৰদৰ্শন

জি প্লাছ নিউজডেস্ক | October 29, 2018 12:19 hrs

গুৱাহাটী প্ৰথমবাৰৰ বাবে অনুষ্ঠিত উত্তৰ-পূৱ অলিম্পিক গেমছত অনবদ্য প্ৰদৰ্শনেৰে ১৪০ টাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে অসম ৰাজ্যিক দলটো। পদক ৪৫ টা স্বৰ্ণ পদকেৰে পদক তালিকাত মণিপুৰৰ পিছতে দ্বিতীয় স্থানত থাকিবলৈ সক্ষম হয়। মণিপুৰৰ ইম্ফলত বিগত ২৪ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই পাচদিনীয়া ক্ৰীড়া সমোৰাহ ৰবিবাৰে সামৰণি পৰে।

সৰ্বমুঠ ১২ বিধ খেলৰ আটাইকেইটা শাখাতেই অংশগ্ৰহণ কৰি অসমে ঈৰ্ষণীয় সাফল্য লাভ কৰিবলৈ সক্ষম হয়। ইফালে উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত অসমে এথলেটিকছত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। কেৱল এথলেটিকছতেই ১৫ টা স্বৰ্ণ, ১০ টা ৰূৰ আৰু ৫ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰে অসমে। ইফালে এথলেটিকছ শাখাত মণিপুৰে লাভ কৰে ৫ স্বৰ্ণ, ৯ টা ৰূপ আৰু ৮ টা ব্ৰঞ্জৰ পদক।

প্ৰথম বাৰ্ষিক উত্তৰ-পূৱ অলিম্পিকৰ শ্ৰেষ্ঠতম দল হিচাপে ৭৯ টা স্বৰ্ণ, ৪৭ টা ৰূপ আৰু ৩১ টা ব্ৰঞ্জসহ ১৫৭ টা পদক অৰ্জন কৰিবলৈ সক্ষম হয় আয়োজক ৰাজ্য মণিপুৰে। ইফালে অসমে ৪৬ টা স্বৰ্ণ, ৫১ টা ৰূপ আৰু ৪৩ টা ব্ৰঞ্জসহ ১৪০ টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

অসমৰ পুৰুষৰ ফুটবল দলটোৱে প্ৰথমবাৰৰ বাবে উত্তৰ-পূৱৰ শক্তিধৰ দল মেঘালয় আৰু মণিপুৰক ক্ৰমে ছেমিফাইনেল আৰু ফাইনেলত হৰুৱাই চেম্পিয়নৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়। ছেমিফাইনেলত শিব্ৰা নাৰ্জাৰীৰ হেট্ৰিক আৰু ছায়াৰাম বসুমতাৰীৰ এটা গ’লসহ ৪-০ গ’ল পৰাস্ত কৰে মেঘালয়ক। আনহাতে ফাইনেলত পুনৰ শিব্ৰা নাৰ্জাৰীৰ এটা আৰু ছায়াৰাম বসুমতাৰীৰ দুটা গ’লেৰে ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে আয়োজক দল মণিপুৰক। ইফালে ফুটবলৰ ছোৱালীৰ শাখাত মণিপুৰৰ হাতত পৰাস্ত হয় অসম দলটো।

উল্লেখ্য যে ২০১৯ চনত অৰুণাচল প্ৰদেশত অনুষ্ঠিত হ’ব দ্বিতীয় বাৰ্ষিক উত্তৰ-পূৱ অলিম্পিক গেমছ।

অসম ৰাজ্যিক ফুটবল দলটো