অসমত পুনৰ এবছৰ লৈ নিষিদ্ধ ধপাত জাতীয় সামগ্ৰী
গুৱাহাটী: ৰাজ্যত পুনৰ এবছৰলৈ অব্যাহত থাকিব ধপাত জাতীয় সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা । ধপাত, নিকোটিনযুক্ত গুটকা, পান মছলা বা যি কোনো ধৰণৰ চুইংগাম সামগ্ৰীৰ উৎপাদন, সঞ্চয়, বিতৰণ বা বিক্ৰীৰ ওপৰত পুনৰ এবছৰলৈ বাহাল থাকিব নিষেধাজ্ঞা ।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম চৰকাৰে জাৰি কৰিছে এই নিৰ্দেশনা । ২.৩.৪ খাদ্য সুৰক্ষা আৰু মানদণ্ড (বিক্ৰয় নিষিদ্ধ আৰু সীমাবদ্ধ) নিয়ম, ২০১১ ৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
পোন প্ৰথমবাৰৰ বাবে ২২ নৱেম্বৰ ২০১৯ চনত অসম চৰকাৰে ধপাত জাতীয় সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল । এই বিষয়ে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছিল কনজিওমাৰ লিগেল প্ৰটেকশ্বন ফ'ৰামে ।
উল্লেখ্যনীয় যে, অসমত সৰ্বাধিক গড়ে ৪৮.২ শতাংশ ধপাত সেৱন কৰা হয় । যিটো ৰাষ্ট্ৰীয় গড় ২৮.৬ শতাংশৰ দুগুণ । ৪১.৭ শতাংশ লোকে ধোঁৱাবিহীন ধপাত সেৱন কৰাৰ বিপৰীতে ১৩.৩ শতাংশ লোকে ধোঁৱাজাতীয় ধপাত সেৱন কৰে ।
Deepak
All shops in Guwahati are selling openly... Govt should vsiit nearby shops before commenting gutka is banned in Assam... It's all about money who cares for health and people
Siddhant
Gutka ban hai? Yeh post dekh kar hi pata chala... Dukan mai pani ka bottle na milo cahe gutka toh har dukan mai milta hai..