অসম বাস্কেটবল সন্থাৰ সাধাৰণ সম্পাদক মুকুট মেধিক গ্ৰেপ্তাৰ
দৈনিক বাতৰি

অসম বাস্কেটবল সন্থাৰ সাধাৰণ সম্পাদক মুকুট মেধিক গ্ৰেপ্তাৰ

জি প্লাছ নিউজডেস্ক | November 28, 2018 19:23 hrs

গুৱাহাটী - অসম বাস্কেটবল সন্থাৰ সাধাৰণ সম্পাদক মুকুট মেধিক বুধবাৰে গুৱাহাটীৰ পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। খেলুৱৈক প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তথ্য অনুসৰি শেহতীয়াকৈ হিমাচল প্ৰদেশত অনুষ্ঠিত হৈ যোৱা ১৪ বছৰ অনুৰ্ধ্ব ৰাষ্ট্ৰীয় বাস্কেটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈসকলক প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি মেধিয়ে বাস্কেটবল ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ অনুমোদন অবিহনেই খেলুৱৈসকলক হিমাচললৈ লৈ গৈছিল। যাৰ ফলত অসম দলটোৱে প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰাকৈয়ে তাৰ পৰা ওভতি আহিবলৈ বাধ্য হৈছিল।

ইফালে অসমৰ দলটোক হিমাচললৈ লৈ যোৱাৰ বিনিময়ত খেলুৱৈসকলৰ অভিভাৱকৰ পৰা ধন আদায় কৰাৰো অভিযোগ উত্থাপন কৰিছে অভিভাৱক সকলে।

আৰক্ষীসূত্ৰত প্ৰকাশ যে ১৪ বছৰ অনুৰ্ধ্ব বাস্কেটবল খেলুৱৈৰ একাংশ অভিভাৱকে দিয়া এজাহাৰৰ ভিত্তিত মুকুট মেধিক গ্ৰেপ্তাৰ কৰা হৈছে।

মুকুট মেধি