বক্সাৰ লভলিনা বৰগোঁহাই ইউৰোপ ভ্ৰমণৰ আগ মূহুৰ্ততে আক্ৰান্ত ক’ভিড-১৯ ত
দৈনিক বাতৰি

বক্সাৰ লভলিনা বৰগোঁহাই ইউৰোপ ভ্ৰমণৰ আগ মূহুৰ্ততে আক্ৰান্ত ক’ভিড-১৯ ত - G Plus Assam

জি প্লাছ নিউজ | October 16, 2020 11:57 hrs

অসমৰ বক্সাৰ লভলিনা বৰগোঁহাই আক্ৰান্ত ক’ভিড-১৯ ত, ১৫ অক্টোবৰত প্ৰকাশ হয় এই খবৰ।


ভাৰতীয় খেল প্ৰাধিকৰণ (SAI) য়ে জনোৱা মতে লভলিনা অসমৰ পৰা উভতি যোৱাৰ ৪ দিনৰ পিছত ভাইৰাছটোত আক্ৰান্ত হয়। তেওঁ অসুস্থ মাতৃক লগ কৰিবলৈ আহিছিল অসমলৈ।


লভলিনা ভাইৰাছটোত আক্ৰান্ত হোৱাৰ বাবে ভাৰতীয় বক্সিং দলটোৰ ইটালী আৰু ফ্ৰান্সত হ’ব লগীয়া প্ৰশিক্ষণত অংশ ল’ব নোৱাৰিলে।


বক্সাৰ মেৰীকমেও শাৰিৰীক অসুস্থতাৰ বাবে আৰু মনিষ কৌশিক আঘাত প্ৰাপ্ত হোৱাৰ বাবে ট্যুৰত অংশ ল’ব নোৱাৰিলে।


ষোল্লজন প্ৰতিনিধিত্বমান ভাৰতীয় বক্সাৰৰ এটা দলে অক্টোবৰৰ পৰা ডিচেম্বৰ মাহলৈ মুঠ ৫২ দিনৰ এটা প্ৰশিক্ষণ তথা প্ৰতিযোগিতাত অংশ গ্ৰহণৰ হেতু ফ্ৰান্স আৰু ইটালীলৈ ভ্ৰমণ কৰিব। তাৰেই বাবে প্লে’নত উঠাৰ আগতে হোৱা পৰীক্ষণত ক’ভিড পজিটিভ হয় লভলিনা।


উল্লেখনীয় যে, এই প্ৰশিক্ষণ তথা প্ৰতিযোগিতাৰ খৰছ পাতিৰ বাবে চৰকাৰে ১.৩১ কোটি টকাৰ অনুমোদন জনাইছে।