ভাৰতীয় অৰ্থনীতি সেৱাত অসমৰ যুৱকৰ সাফল্য
দৈনিক বাতৰি

ভাৰতীয় অৰ্থনীতি সেৱাত অসমৰ যুৱকৰ সাফল্য

জি প্লাছ নিউজডেস্ক | November 29, 2018 10:33 hrs

গুৱাহাটী - অসমৰ পাঠশালাৰ ৰূপম তালুকদাৰে প্ৰথমটো প্ৰচেষ্টাতেই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ভাৰতীয় অৰ্থনীতি সেৱাৰ পৰীক্ষাত। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা আয়োজিত এই পৰীক্ষাত প্ৰথমটো প্ৰচেষ্টাতেই উত্তীৰ্ণ হৈছে পাঠশালাৰ মেধাবী ছাত্ৰ ৰূপম। কেন্দ্ৰীয় লোকসেৱা আয়োগে বিগত মঙলবাৰে এই ফলাফল ঘোষণা কৰিছিল।

উল্লেখ্য যে বিগত ২০১৩ চনত বি এইচ কলেজৰ পৰা অৰ্থনীতি বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম শ্ৰেণীৰ প্ৰথম হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে ৰূপম তালুকদাৰে।

ৰূপম তালুকদাৰ