দুই এদিনতে সালসলনি হ’ব অসম মন্ত্ৰীসভা, একাধিক মন্ত্ৰীৰ দপ্তৰ সলনি হোৱাৰ সম্ভাৱনা

Saturday, 29 February 2020

দৈনিক বাতৰি

দুই এদিনতে সালসলনি হ’ব অসম মন্ত্ৰীসভা, একাধিক মন্ত্ৰীৰ দপ্তৰ সলনি হোৱাৰ সম্ভাৱনা

জিপ্লাছ | January 17, 2020 14:12 hrs

১৭ জানুৱাৰী, গুৱাহাটী - বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীসভাখন দুই এদিনতে সালসলনি হোৱাৰ সম্ভাৱনা আছে। এই সালসলনিৰ যোগেদি অসমে শীঘ্ৰেই মন্ত্ৰীত্বৰ ক্ষেত্ৰত নতুন মুখ দেখাৰ সম্ভাৱনা আছে।

বিশেষ সূত্ৰ অনুসৰি লাভ কৰা তথ্য অনুসৰি মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, মাহমৰাৰ বিধায়ক যোগেন মহন আৰু বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাক এইবাৰৰ নতুন মন্ত্ৰীসভাত দেখিবলৈ পোৱা যাব পাৰে।

আনকি তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষান পৰৱৰ্তী শ্ৰম মন্ত্ৰী হিচাপে দায়িত্ব ভাৰ লাভ কৰাৰো সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। 

আনহাতে নতুনকৈ সম্প্ৰসাৰণ তথা দপ্তৰ সালসলনি হ’বলগীয়া মন্ত্ৰীসভাখনৰ পৰা সিদ্ধাৰ্থ ভট্টাচাৰ্য্য়, নৱ কুমাৰ দলে আৰু ৰঞ্জিত দত্তই একাধিক দপ্তৰ হেৰুৱাবলগীয়া হোৱাৰো সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে সূত্ৰটোৱে।

ইফালে কালি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক পুনৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব অৰ্পন কৰা হ’ব। অৱশ্যে কাইলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আনুষ্ঠানিকতা সম্পন্ন কৰা হ’ব সভাপতি নিৰ্বাচনৰ।