Assam Changes Curfew Timing to 7 PM-7 AM as Per MHA Guidelines | Assamese News |
দৈনিক বাতৰি

গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা, অসমত কাৰ্ফিউৰ সময় সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ

জিপ্লাছ | May 18, 2020 09:42 hrs

১৮ মে’, গুৱাহাটী - গৃহ মন্ত্ৰালয়ে লকডাউন ৪.০ ৰ বাবে জাৰি কৰা সকলো নিৰ্দেশনাই অসমত পালন কৰা হ’ব। এই কথা স্পষ্ট কৰি দিছে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।

এই নিৰ্দেশনা অনুসৰিয়েই অসমত কাৰ্ফিউ বা সান্ধ্য আইনৰ সময়সীমাও সলনি কৰা হৈছে। পূৰ্বে এই সময় সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ থকাৰ বিপৰীতে এতিয়াৰে পৰা এই সময় সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ থাকিব। 

ইয়াৰ পূৰ্বে কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশনা অনুসৰিয়েই সান্ধ্য আইনৰ সময় ভিন্ন আছিল।  তাৰ লগতে অফিচ-ব্যৱসায়িক প্ৰতিষ্ঠান আদি ৫ বজাত বন্ধ কৰাৰো নিৰ্দেশ দিয়া হৈছে যাতে জনসাধাৰণে কৰ্তব্য সমাপন কৰি কাৰ্ফিউৰ সময়ৰ পূৰ্বেই ঘৰ সোমাব পাৰে।