৩১ অক্টোবৰৰ ভিতৰত প্রস্তুত হ’ব লাগিব সময়সাপেক্ষ বিল্ডিং বাই ল
দৈনিক বাতৰি

৩১ অক্টোবৰৰ ভিতৰত প্রস্তুত হ’ব লাগিব সময়সাপেক্ষ বিল্ডিং বাই ল

জিপ্লাছ ব্যুৰ’ | October 10, 2019 13:32 hrs

১০ অক্টোবৰ, গুৱাহাটী -  অৱশেষত বহু প্ৰতীক্ষিত বিল্ডিং বাই ল’খন সকলো দিশ সংশোধনেৰে প্ৰস্তুত কৰি উলিয়াবলৈ নিৰ্দেশ জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাজ্যখনৰ গৃহ নিৰ্মাণ খণ্ডৰ বিকাশ সাধনৰ বাবে বর্তমানে থকা বিল্ডিং বাই লখনত যি আসোঁৱাহ আছে, সেইবোৰ দূৰীকৰণেৰে এখন সময়সাপেক্ষ বিল্ডিং বাই ল অহা ৩১ অক্টোবৰৰ ভিতৰত প্রস্তুত কৰিবলৈ গুৱাহাটী উন্নয়ন বিভাগক মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নির্দেশ দিয়ে৷

ব্যয় সাধ্য বা এফৰ্ডেবল হাউছিঙৰ অধীনত গৃহ নির্মাণৰ প্রক্রিয়াটো যাতে অধিক ক্ষীপ্ৰতৰ হয়, তাৰ বাবেও অতি শীঘ্রে যথোচিত পদক্ষেপ গ্রহণ কৰিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিছে৷ কালি দিছপুৰত আয়োজিত জি এছ টি সম্পর্কীয় এক বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী  সোণোৱালে এই নির্দেশ দিয়ে৷

উল্লেখযোগ্য যে জি এছ টি সম্পর্কত বিভিন্ন সংগঠনৰ মন্তব্য আৰু পৰামর্শ গ্রহণৰ উদ্দেশ্যেৰে অনুষ্ঠিত বৈঠকত জি এছ টি সন্দর্ভত বিভিন্ন সংগঠনে তেওঁলোকৰ নিজস্ব পৰামর্শ আৰু মতামত আগ বঢ়ায়৷ বৈঠকত মুখ্যমন্ত্রীয়ে ক্ষুদ্র আৰু মজলীয়া ব্যৱসায়ীসকলে যাতে জি এছ টি সম্পর্কত সম্যক জ্ঞান লাভ কৰিব পাৰে, তাৰ বাবে এখন পুস্তিকা প্রকাশ কৰিবলৈ বিত্ত বিভাগৰ প্রধান সচিবক নির্দেশ দিয়ে৷ সকলোৰে বোধগম্য হ’ব পৰাকৈ এই পুস্তিকাখন বিভিন্ন ভাষাত প্রকাশ কৰিবলৈও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷

মুখ্যমন্ত্রীয়ে কয় যে জি এছ টি পদ্ধতিটোৰ প্রতি এক ইতিবাচক ধাৰণা সৃষ্টি কৰাৰ উপৰি এই পদ্ধতিটোৰ সৈতে সামৰি ল’ব পৰাকৈ যথোচিত ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ সাধাৰণ ব্যৱসায়ীসকলৰ মনত জি এছ টি সম্পর্কীয় সবিশেষ জ্ঞান প্রদান কৰিব পৰাকৈ জনসচেতনতা সৃষ্টিৰ বাবেও পদক্ষেপ গ্রহণ কৰিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷

ৰাজ্যখনৰ অট’ম’বাইল খণ্ডৰ বিকাশ সাধন কৰা আৰু এই খণ্ডত জড়িত থকাসকলক উপকৃত কৰিব পৰাকৈ গুৱাহাটী মহানগৰীৰ সমীপৱর্তী এলেকাত এখন পৰিবহণ নগৰ স্থাপনৰ বাবেও প্রয়োজনীয় পদক্ষেপ ল’বলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ আনহাতে জি এছ টিৰ পূর্বে যিবোৰ পুৰণি গোচৰ আছিল, সেই গোচৰসমূহ ভেটৰ অধীনত অহা ৬ মাহৰ ভিতৰত মীমাংসা কৰাৰ দিশত প্রয়োজনীয় পদক্ষেপ ল’বলৈও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷

Banner