Sarbananda Sonowal Orders Probe into SI Recruitment Exam Paper Leak | Assamese News
দৈনিক বাতৰি

উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

জি প্লাছ নিউজ | September 21, 2020 14:07 hrs

গুৱাহাটীঃ অসমৰ মুখ্য মন্ত্ৰী, সৰ্বানন্দ সোণোৱালে, অসম পুলিচৰ উপ-পৰিদৰ্শক পদৰ বাবে হোৱা লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়ে।


পৰীক্ষা যোৱাটো দেওবাৰে হ’ব লগীয়া আছিল।


মুখ্য মন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক অতি শীঘ্ৰেই এই দুষ্কাৰ্যত জৰিত অপৰাধীক ধৰি উলিয়াবলৈ তদন্ত আৰম্ভ কৰিবৰ বাবে নিৰ্দেশ দিয়ে । লগতে অপৰাধীক উপযুক্ত কঠোৰ শাস্তি বিহিবলৈও নিৰ্দেশ দিয়ে।


পূৰ্বতে, উপ-পৰিদৰ্শকৰ পদৰ বাবে দেওবাৰ, ২০ ছেপ্টেম্বৰত, দুপৰীয়া ১২ বজাত অনুষ্ঠিত হ’ব লগীয়া লিখিত পৰীক্ষাটো প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল হৈছিল।