জন্মদিনৰ শুভক্ষণত ফেচবুকযোগে শৰীৰৰ অংগ দানৰ ঘোষণা ৰূপজ্যোতি কুৰ্মীৰ  

Wednesday, 21 October 2020

দৈনিক বাতৰি

জন্মদিনৰ শুভক্ষণত ফেচবুকযোগে শৰীৰৰ অংগ দানৰ ঘোষণা ৰূপজ্যোতি কুৰ্মীৰ  

জিপ্লাছ নিউজ ডেস্ক | July 27, 2019 13:40 hrs

২৭ জুলাই, গুৱাহাটী : ৪২তম জন্মদিনৰ শুভক্ষণত ফেচবুকযোগে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজ শৰীৰৰ অংগদানৰ কথা ঘোষণা কৰে। যোৱা ২৪ জুলাইত ৪২ বছৰসম্পুৰ্ণ কৰা বিধায়কগৰাকীয়ে যোৰহাট প্ৰেছ ক্লাৱত এক প্ৰেছ বিবৃত্তিযোগে এই মহৎ কাৰ্যৰ ঘোষণা কৰে। প্ৰয়াৰ মাতৃ আৰু পিতৃৰ মৃত্যুৰ কথা সুঁৱৰি লগতে সমষ্টিৰ বহুলোকৰ দুখ দুৰ্দশাৰ কথা ব্যক্ত কৰি আবেগিক হৈ যায় বিধায়কজন।

 জন্ম দিনতে পিতৃ-মাতৃক সন্মান জনাই নিজ  শৰীৰৰ হৃদপিণ্ড , বৃক্ক, যকৃত আৰু নেত্ৰ দান কৰি নিজেই আত্ম সন্তুষ্টি লাভ কৰিছে বিধায়কজনে। লগতে এম্বুলেন্স সেৱাৰ কাৰণে তেওঁ দৰমহাৰ পৰা ১ লাখ টকা ২৬/০৭/২০১৯ তাৰিখে চৰকাৰৰ ওচৰত দান দিয়াৰ কথাও উল্লেখ কৰে। 

ফেচবুকযোগে তেওঁ অসমবাসীকো এই মহৎ কাৰ্য সম্পাদনা কৰিবলৈ আহ্বান জনায়।

ৰূপজ্যোতি কুৰ্মী