অসম আৰক্ষীৰ বিষয়ালৈ গৃহ মন্ত্ৰালয়ৰ ‘অনুসন্ধান পাৰদৰ্শিতা বঁটা’

Thursday, 12 December 2019

দৈনিক বাতৰি

অসম আৰক্ষীৰ বিষয়ালৈ গৃহ মন্ত্ৰালয়ৰ ‘অনুসন্ধান পাৰদৰ্শিতা বঁটা’

জিপ্লাছ ব্যুৰ’ | August 14, 2019 12:42 hrs

১৪ আগষ্ট, গুৱাহাটী - কেন্দ্ৰীয় গৃহ বিভাগে অসমৰ আন এগৰাকী আৰক্ষী বিষয়ালৈ অনুসন্ধান পাৰদৰ্শিতা বটাঁ আগবঢ়াইছে। হাইলাকান্দি জিলাৰ উপ আৰক্ষী অধীক্ষক নয়নমণি বৰ্মনক গৃহ বিভাগে ২০১৯ চনৰ এই বঁটাৰ বাবে নিৰ্বাচন কৰিছে।

উল্লেখ্য যে ২০১৮ চনৰ ১৪ মাৰ্চত অসম-মিজোৰাম সীমান্তৰ ৰামনাথপুৰ আৰক্ষী থানাৰ অধীনৰ বেতচেৰা এলেকাত সংঘটিত এগৰাকী জনজাতীয় কিশোৰীক ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ তাৎক্ষণিক অনুসন্ধান সম্পন্ন  কৰিছিল বৰ্মনে। 

বিশেষ অনুসন্ধানকাৰী দলৰ নেতৃত্ব বহন কৰি এই ঘটনাৰ মুখ্য অভিযুক্ত জাছিমুদ্দিন বৰভূঞাক গ্ৰেপ্তাৰ কৰি এক শক্তিশালী চাৰ্জশ্বীট দাখিল কৰিছিল, যাৰ ফলতেই বিগত বৰ্ষৰ ১ অক্টোবৰত ফাৰ্ষ্টট্ৰেক আদালতে অপৰাধীটোক ফাঁচীৰ ৰায় প্ৰদান কৰিছিল।

ইফালে অসমৰে উপ–পৰিদৰ্শক ইমদাদুল হুছেইন আৰু নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিলৈ এই সন্মান আগবঢ়াইছে। 

কিনিৰুং ৰিয়াং হত্যাকাণ্ডৰ ক্ষীপ্ৰ আৰু সঠিক তদন্তৰ বাবে অসম আৰক্ষী সেৱাৰ উপ–পৰিদৰ্শক ইমদাদুল হুছেইনলৈ এই বঁটা আগবঢ়োৱা হৈছে। আনহাতে, নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিলৈ বটদ্ৰৱা ধৰ্ষণ কাণ্ডৰ ক্ষীপ্ৰ আৰু সঠিক তদন্তৰ বাবে এই স্বীকৃতি আগবঢ়োৱা হৈছে ।

উল্লেখ্য় যে দেশৰ মুঠ ৯৬গৰাকী আৰক্ষী বিষয়াই এই বঁটা লাভ কৰে।

নয়নমণি বৰ্মন