ৰাজ্যত কৰ’ণাত আক্ৰান্ত ৪ গৰাকীৰ মৃত্যু, মৃতকৰ সংখ্যা ২০ জনলৈ বৃদ্ধি 
দৈনিক বাতৰি

ৰাজ্যত কৰ’ণাত আক্ৰান্ত ৪ গৰাকীৰ মৃত্যু, মৃতকৰ সংখ্যা ২০ জনলৈ বৃদ্ধি 

জিপ্লাছ নিউজ ডেস্ক | July 08, 2020 11:32 hrs

৮ জুলাই, গুৱাহাটী: ৰাজ্যত কৰ’ণাৰ সংহাৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ’ণা আক্ৰান্ত  ৪ গৰাকীৰ মৃত্যু। আজি ৰাজ্যত বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনাই যে গুৱাহাটীৰ হেদায়ৎপুৰৰ ছফিকুল ৰহমান(৬০), বৰপেটা জিলাৰ পাটাছাৰকুছিৰ ৰমনী মজুমদাৰ(৬০), কাহিলীপাৰাৰ উৎপল কুমাৰ চলিহা (৭৫) আৰু লালগণেশৰ হৰি প্ৰসাদ মণ্ডল(৬৮) নামৰ চাৰিগৰাকী লোক  মৃত্যুৰ মুখত পৰে। 

চাৰিওগৰাকী লোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউ কক্ষত ভৰ্তি কৰোৱা হৈছিল। কালি পুৱতি নিশা ২ বজাৰ পৰা ৫ বজাৰ ভিতৰত তেওঁলোকৰ মৃত্যু হয়। মৃত ৰোগীকেইগৰাকী গুৰুতৰভআৱে নিমুনিয়া, ইউৰোপেসিস আৰু ছেপ্টিক থক ৰোগত আক্ৰান্ত হৈ ভেণ্টিলেশ্যনত আছিল।