ৰাজ্যত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৬৫ হাজাৰৰ সংখ্যা চোৱাৰ দিশে
দৈনিক বাতৰি

ৰাজ্যত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৬৫ হাজাৰৰ সংখ্যা চোৱাৰ দিশে

জিপ্লাছ নিউজ ডেস্ক | August 12, 2020 10:28 hrs

১২ আগষ্ট, গুৱাহাটী: ৰাজ্যত দ্ৰুতিগতিত বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা। অচিৰেই ৰাজ্যত কৰ’ণা আক্ৰান্তৰ সংখ্যা ৬৫ হাজাৰ অতিক্ৰম কৰাৰ দিশত  ক্ষিপ্ৰগতিত আগবাঢ়িছে। ১২ আগষ্টত  নতুনকৈ ২,৬৬৯ গৰাকী লোকৰ দেহত কৰ’ণা ভাইৰাছ ধৰা পৰাৰ কথা ঘোষণা কৰে। 

শেহতীয়াকৈ নতুনকৈ চিহ্নিত হোৱা কৰ’ণা আক্ৰন্তৰ কথা টুইটযোগে ঘোষণা কৰি ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  কয়-‘যোৱা ২৪ ঘণ্টাত সম্পন্ন হোৱা ৫২,০৬২ টা টেষ্টৰ ভিতৰত ২৬৬৯ গৰাকী লোকৰ দেহত কৰ’ণা পজিটিভ ধৰা পৰে। বৰ্তমান পজিটিভৰ হাৰ ৫.১২ শতাংশ। ইয়াৰে কামৰূপ মেট্ৰ’ৰ -৩৯৯, ডিব্ৰুগড়-২৫৯, কাৰ্বি আংলং-১৮৯, তিনিচুকীয়া-১৮১।’

আনহাতে ৰাজ্যত কৰ’ণা আক্ৰান্ত বৃদ্ধি হোৱাৰ সমান্তৰালকৈ আৰোগ্যৰ হাৰো বৃদ্ধি হৈছে। সম্প্ৰতি ৰাজ্যত কৰ’ণা আক্ৰান্তৰ সংখ্যা ৬৪,৪০৬ আৰু সক্ৰিয়ৰ সংখ্যা ১৯,১৭৫। ইয়াৰে ভিতৰত ৪৫,০৭৩  গৰাকী আৰোগ্য লোকক  হাস্পতালৰ পৰা মুকলি কৰি দিয়া হৈছে আৰু ১৫৫ গৰাকী মৃত্যুৰ মুখত পৰিছে।