চিকিৎকৰ গাফিলতিত ৰোগীৰ মৃত্যু - চিকিৎসক-নাৰ্ছক কাৰাদণ্ড
দৈনিক বাতৰি

চিকিৎকৰ গাফিলতিত ৰোগীৰ মৃত্যু - চিকিৎসক-নাৰ্ছক কাৰাদণ্ড

জিপ্লাছ ব্যুৰ’ | August 23, 2019 11:52 hrs

২৩ আগষ্ট, গুৱাহাটী - চিকিৎসাজনিত অৱহেলাৰ বাবে চিকিৎসাধীন অৱস্থাতে ৰোগীৰ মৃত্যু হোৱাৰ এক ঘটনাক কেন্দ্ৰ কৰি ডাঃ মামণি দত্ত নামৰ এগৰাকী চিকিৎসক আৰু বিমলা দত্ত নামৰ এগৰাকী নাৰ্ছক শাস্তিৰ ৰায় দিছে অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশে। তিনিচুকীয়া জিলাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত সংঘটিত হোৱা এক ঘটনাৰ তদন্ত সাপেক্ষে ন্যায়াধীশ ড. চেতনা খনিকৰে এই শাস্তিৰ ৰায় দিছে।

উল্লেখ্য যে দুয়োগৰাকী চিকিৎসাকৰ্মীকে দুবছৰৰ কাৰাদণ্ডৰ লগতে ৩০০০ টকাকৈ জৰিমণা বিহা হৈছে।

ঘটনাৰ বিৱৰণী মতে, বিগত ২০১৩ চনৰ অক্টোবৰ মাহত প্ৰদীপ কাকতি নামৰ এগৰাকী লোকক মেলেৰীয়া ৰোগত আক্ৰান্ত হৈ থকা অৱস্থাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পিছতে চিকিৎসালয়খনত কৰ্মৰত নাৰ্ছ বিমলা দত্তই ৰোগীগৰাকীক চেলাইন দিয়ে আৰু চিকিৎসক মামণি দত্তই ৰোগীৰ আত্মীয়ক ফালচিগো নামৰ এবিধ ইনজেকশ্যন আনিবলৈ দিয়ে।

পিছে কেইঘণ্টামান পিছতে প্ৰদীপ কাকতিৰ মৃত্যু হয়।

অভিযোগ অনুসৰি, ৰোগীৰ আত্মীয়ই যেতিয়া মৃতদেহটো সংগ্ৰহৰ বাবে আহে তেতিয়া চিকিৎসকগৰাকীয়ে আনিবলৈ দিয়া ইনজেকশ্যনটো অব্যৱহৃত অৱস্থাত কাষৰ মেজত পৰি থকা দেখা পায়।

এই সমগ্ৰ ঘটনাটোৰ তদন্তত সামৰি লোৱা হৈছিল নগৰাকীকৈ সাক্ষী, সাতটা প্ৰমাণ।

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Dr Austin

    PUBLIC NOTICE; We are in need of kidney donor urgently with the sum of 4 crore 30 lakh, contact Dr Austin on WhatsApp NO +919535604767