ৰিয়ান পৰাগৰো সহায়ৰ হাত - মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ

Sunday, 26 January 2020

দৈনিক বাতৰি

ৰিয়ান পৰাগৰো সহায়ৰ হাত - মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ

| July 20, 2019 14:04 hrs

২০ জুলাই, গুৱাহাটী - সমগ্ৰ দেশজুৰি শোকাৰ্ত হৈছে অসমৰ বানাক্ৰান্তৰ দুৰ্দশা প্ৰত্যক্ষ কৰি। বিভিন্নজনে ধন, সামগ্ৰীৰে সাহায্য আগবঢ়াইছে। আজি অসম সন্তান তথা উদীয়মান ক্ৰিকেটাৰ ৰিয়ান পৰাগেও অসমৰ মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ এক লাখ টকা আগবঢ়াইছে।

শেহতীয়াকৈ আইপিএলৰ দল ৰাজস্থান ৰয়েলছৰ হৈ খেলি সমগ্ৰ বিশ্বজুৰি চৰ্চা লাভ কৰা উদীয়মান খেলুৱৈজনৰ এনে পদক্ষেপৰ প্ৰসংশা কৰি টুইট কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও।

 

উল্লেখ্য যে ইয়াৰ পূৰ্বে ভাৰতগৌৰৱ হিমা দাস আৰু ৰীমা দাসেও এক লাখকৈ টকা বান সাহায্যৰ বাবে আগবঢ়াইছে।