দেৱব্ৰত শইকীয়াৰ বিৰোধী দলপতি মৰ্যাদা কৰ্তন : হাইক'ৰ্টৰ স্থগিতাদেশ | অসম নিউজ
দৈনিক বাতৰি

দেৱব্ৰত শইকীয়াৰ বিৰোধী দলপতি মৰ্যাদা কৰ্তন : হাইক'ৰ্টৰ স্থগিতাদেশ

জি প্লাছ নিউজ | January 13, 2021 11:10 hrs

গুৱাহাটী: মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে দেৱব্ৰত শইকীয়াৰ বিৰোধী দলপতিৰ মৰ্যাদা কৰ্তন সন্দৰ্ভত স্থগিতাদেশ জাৰি কৰিছে ।  যোৱা ১ জানুৱাৰীত অসম বিধান সভাৰ সচিবে বিৰোধী দলপতিৰ মৰ্যাদা কৰ্তন কৰা নিৰ্দেশনাক গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল দেৱব্ৰত শইকীয়াই । 


দেৱব্ৰত শইকীয়াৰ হৈ ডব্লিউ পি (চি) ১৮২/২০২১ নম্বৰৰ এক লেখ আবেদন কৰি অধিবক্তা সত্যেন শৰ্মাই যুক্তি দৰ্শাই যে এজন বিধায়ক বিৰোধী দলপতিৰ মৰ্যাদা পাবলৈ হ'লে অসম বিধানসভা বিধিৰ ২(১)পি বিধি আৰু অসম বিধান সভা আইন, ১৯৭৮ ৰ ২ ধাৰা পূৰণ কৰিব লাগে ।  


গতিকে এই আটাইকেইটা বিধিয়েই দেৱব্ৰত শইকীয়াই পূৰণ কৰি আছে বুলি উল্লেখ কৰি তেওঁ দলপতি পদত থকাৰ যোগ্য বুলি ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰে ।