চৰাইদেউৰ পৰা পদব্ৰজে ৰাষ্ট্ৰপতি ভৱনলৈ যাত্ৰা অসমৰ যুৱতীৰ
দৈনিক বাতৰি

চৰাইদেউৰ পৰা পদব্ৰজে ৰাষ্ট্ৰপতি ভৱনলৈ যাত্ৰা অসমৰ যুৱতীৰ

জিপ্লাছ ব্যুৰ' | December 03, 2019 11:10 hrs

গুৱাহাটী - গছৰ বাবে মানুহ নামেৰে এক অভিযানৰ অংশ হিচাপে অসমৰ এগৰাকী যুৱতীয়ে চৰাইদেউৰ পৰা পদব্ৰজে যাত্ৰা আৰম্ভ কৰিছে নতুন দিল্লীলৈ। চৰাইদেউৰ নিজৰা ফুকন নামৰ এইগৰাকী যুৱতীয়ে ইতিমধ্যেই খোজকাঢ়ি আৰম্ভ কৰিছে এই যাত্ৰা।

সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশৰ প্ৰদূষণ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে নিজৰা ফুকনে চৰাইদেউ মৈদামৰ পৰা নতুন দিল্লীস্থিত ৰাষ্ট্ৰপতি ভৱনলৈ খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছে।

বিগত ১ ডিচেম্বৰত চৰাইদেউৰ পৰা যাত্ৰা আৰম্ভ কৰিছে ফুকনে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী ফুকনে সক্ৰিয়ভাৱে পৰিৱেশ সংৰক্ষণৰ বাবে কাম কৰি আহিছে। 

নিজৰা ফুকন