গুৱাহাটীৰ অট্টালিকাসমূহৰ ৰঙত সমতা অনাৰ পৰিকল্পনা অসম চৰকাৰৰ

Wednesday, 02 December 2020

দৈনিক বাতৰি

গুৱাহাটীৰ অট্টালিকাসমূহৰ ৰঙত সমতা অনাৰ পৰিকল্পনা অসম চৰকাৰৰ - G Plus Assam

জি প্লাছ নিউজ | October 22, 2020 17:30 hrs

গুৱাহাতীঃ অসম চৰকাৰে গুৱাহাটীৰ অট্টালিকাবোৰৰ ৰঙত সমতা আনিবলৈ পৰিকল্পনা কৰিছে।


এই মন্তব্য প্ৰকাশ কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২২ অক্টোবৰত, গণেশগুৰিৰ নৱনিৰ্মিত উৰণীয়া সেঁতুৰ উদ্বোধনী অনুষ্ঠানত।


তেওঁ কয় যে, যেতিয়া পৰ্যটক ভ্ৰমণৰ হেতু আহিব, তেওঁলোকে গুৱাহাটী চহৰখন ইয়াৰ ৰঙৰ সমাহাৰৰ বাবে মনত ৰাখিব।


তথাপিও মুখ্য মন্ত্ৰীয়ে উল্লেখ কৰে যে সুসংহত পৰিকল্পনাৰ আবিহনে ইয়াক কাৰ্য্যকৰি কৰা নহয়।


“এইটো এটা আদেশ নহয় যাক মই বাসিন্দা সকলৰ ওপৰত আৰোপ কৰিব বিচাৰো। মই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাম এই পৰিমাপৰ ব্যৱহাৰ যোগ্যতাৰ ওপৰত অধ্যয়ন কৰিবলৈ।” মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।