অসম চৰকাৰৰ কেজুৱেল আৰু মাষ্টাৰ ৰোলৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ
গুৱাহাটী - অসমৰ ১২,৮৬০ গৰাকী মাষ্টাৰ ৰোল আৰু কেজুৱেল কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হ’ব। ৰাজ্য চৰকাৰৰ ৫২ টা বিভিন্ন বিভাগৰ এই কৰ্মচাৰীসকলে লাভ কৰিব বৰ্ধিত হাৰত দৰমহা। সোমবাৰে গুৱাহাটীত এই কথা ঘোষণা কৰিছে ৰাজ্যৰ বিত্তমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই।
শৰ্মাই কয় যে ৰাজ্য চৰকাৰে মাষ্টাৰ ৰোল আৰু কেজুৱেল কৰ্মচাৰীসকলৰ দৰমহা ৰাজ্যৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ সমান দৰমহালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয়, “২০০৫ চনৰ পূৰ্বে কেজুৱেল কৰ্মচাৰী হিচাপে যোগদান কৰা কৰ্মচাৰীসকল এইক্ষেত্ৰত বেছি লাভৱান্বিত হ’ব।”
উল্লেখ্য যে যিসকল কৰ্মচাৰীয়ে ৩০০০ টকাৰ পৰা ৪০০০ টকা দৰমহাত কাম কৰি আছিল সেইসকল কৰ্মচাৰীয়ে প্ৰতিমাহত ১৮০০০ কৈ দৰমহা লাভ কৰিব। ইয়াত সন্নিৱিষ্ট থাকিব ১২,০০০ টাকে ‘বেছিক পে’, ৩৯০০ টকা গ্ৰেড পে’ আৰু ৬০০ টকা মৰগীয়া বানচ। ইয়াৰ উপৰিও এই কৰ্মচাৰীসকলক ৩ শতাংশ বৰ্ধিত দৰমহাও আগবঢ়োৱা হ’ব।
উল্লেখ্য যে চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ ফলত ৰাজ্য চৰকাৰে বছৰেকত ১.৭৬ কোটি টকা ব্যয় কৰিব লাগিব। ইপালে এই কৰ্মচাৰীসকলক স্বাস্থ্য বীমা প্ৰদান কৰাৰো পৰিকল্পনা হাত লৈছে।