ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পংকজ চক্ৰৱৰ্তীক পুৰস্কাৰ প্ৰদান ৰাজ্যপালৰ

Saturday, 29 February 2020

দৈনিক বাতৰি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পংকজ চক্ৰৱৰ্তীক পুৰস্কাৰ প্ৰদান ৰাজ্যপালৰ

জিপ্লাছ | January 25, 2020 15:43 hrs

গুৱাহাটী - আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে গুৱাহাটীত আয়োজিত এক বৰ্ণাঢ্য অনুষ্ঠানত ৰাজ্যিক ন’ডেল বিষয়া পংকজ চক্ৰৱৰ্তী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু চিএছচি অসমলৈ বিশেষ পুৰস্কাৰ আগবঢ়োৱা হৈছে। বিশেষকৈ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত অসমত পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।

উল্লেখ্য যে পংকজ চক্ৰৱৰ্তী হৈছে ৰাজ্যিক ন’ডেল বিষয়া, যিয়ে একাধিক ৰাজ্য চৰকাৰৰ বিভাগৰ উপৰিও বেচৰকাৰী প্ৰতিষ্ঠানৰ সৈতে সামঞ্জস্যতাৰে ভালেমান প্ৰকল্প সম্পন্ন কৰিছে, যাৰ ফলশ্ৰুতিতে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত সৰ্বাধিক ভোটদান সম্পন্ন হৈছিল।  

স্মৰ্তব্য যে ২০১৬ চনত অসম বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮৪.৭২ শতাংশ, যিটো ২০১১ চনত আছিল মাত্ৰ ৭৫ শতাংশ। তাৰ পৰিৱৰ্তে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত এই সংখ্যা আছিল ৬৭.১১ শতাংশ, যিটো ২০১৪ চনত আছিল ৬৬.৪৪ শতাংশ।