নৱেম্বৰ মাহতে অসম চৰকাৰে জিএছটি হিচাপে সংগ্ৰহ কৰিলে ৮৩১ কোটি টকা
দৈনিক বাতৰি

নৱেম্বৰ মাহতে অসম চৰকাৰে জিএছটি হিচাপে সংগ্ৰহ কৰিলে ৮৩১ কোটি টকা

জিপ্লাছ ব্যুৰ’ | December 02, 2019 14:03 hrs

০২ ডিচেম্বৰ, গুৱাহাটী -  মাত্ৰ এটা মাহতে অভিলেখ সংখ্যক জিএছটি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে অসম চৰকাৰ। কেৱল নৱেম্বৰ মাহতে অসম চৰকাৰে জিএছটি হিচাপে সংগ্ৰহ কৰিছে ৮৩১ কোটি টকা।

আজি অসমৰ বিত্তমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে যে ২০১৭ চনৰ জুলই মাহত জিএছটি প্ৰযোজ্য হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে অসমে এটা মাহত অভিলেখ সংখ্যক জিএছটি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। এই নৱেম্বৰ মাহত অসমে ৮৩১ কোটি টকাৰ বৃহৎ ধনৰশি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে কেৱল জিএছটি হিচাপে। ইয়াৰ ভিতৰত SGST হিচাপে ৩৭৫ কোটি টকা আৰু IGST হিচাপে ৪৫৬ কোটি টকা সংগ্ৰহ হৈছে।

উল্লেখ্য যে বাৰ্ষিক ভিত্তিত ২০১৯ চনৰ অক্টোবৰ মাহত জিএছটি সংগ্ৰহ ৫.২৯ শতাংশ হ্ৰাস পাইছিল।

ড. হিমন্ত বিশ্ব শৰ্মা