ক’ৰোনাৰে যুঁজ দিবলৈ প্ৰয়োজনীয় পুঁজি আছে। - ড. হিমন্ত

Wednesday, 01 April 2020

দৈনিক বাতৰি

ক’ৰোনাৰে যুঁজ দিবলৈ প্ৰয়োজনীয় পুঁজি আছে। - ড. হিমন্ত

জিপ্লাছ | March 26, 2020 10:41 hrs

২৬ মাৰ্চ, গুৱাহাটী - সমগ্ৰ বিশ্বত এতিয়া ক’ৰোনাৰ সন্ত্ৰাস। ভাৰততো দিনক দিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। ক’ৰোনাক লৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰসমূহেও গ্ৰহণ কৰিছে প্ৰয়োজনীয় ব্যৱস্থা। অসম চৰকাৰেও এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে অব্যাহত ৰাখিছে প্ৰচেষ্টা। আজি এক সংবাদ মেল সম্বোধন কৰি ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই কয় যে ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাজ্য চৰকাৰৰ হাতত বৰ্তমানে পৰ্যাপ্ত পৰিমাণৰ পুঁজি আছে।

ভালেমান ৰাজনৈতিক নেতাৰ লগতে বহু সদাশয় ব্যক্তিয়ে ইতিমধ্যেই আৰ্থিক সহায় আগবঢ়াইছে ক’ৰোনা বিৰুদ্ধে ৰাজ্য চৰকাৰক সাজু কৰি তোলাৰ বাবে। এই কথা সাংবাদিকক জানিবলৈ দি মন্ত্ৰী ড. শৰ্মাই কয়, "এই মুহুৰ্তত আমাৰ হাতত পৰ্যাপ্ত পৰিমাণৰেই পুঁজি আছে। অৱশ্যে যদিহে এক অস্থায়ী চিকিৎসালয় গঢ়ি তুলিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় তেন্তে আমি হয়তো ৰাজ্যবাসীৰ পৰা সহায় বিচাৰিবলগীয়া হ’ব পাৰে।”

কাইলৈ অৰ্থাৎ ২৭ মাৰ্চত ৰাজ্য চৰকাৰলৈ সাহায্য আগবঢ়াবৰ বাবে এক একাউণ্ট নম্বৰো আগবঢ়োৱা হ’ব বুলিও জনায় বিত্তমন্ত্ৰীজনে।

পিছে বিগত ২৪ মাৰ্চত বিধানসভাত ক’ৰোনা ভাইৰাছক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এপ্ৰিল মাহটো বৰ গুৰুত্বপূৰ্ণ৷ চৰকাৰৰ হাতত টকা নাথাকে৷ এতিয়া এই সময়ত লক ডাউন কৰিবলগীয়া হৈছে৷ এই সময়ত কেনেকৈ চলিব? মোৰ হাতত তাৰ উত্তৰ নাই৷ কেৱল মোৰ হাতত দৰমহা দিয়াৰ টকাখিনিহে আছে৷ লক ডাউন আৰু বাঢ়িলে কি হ'ব, মোৰ হাতত উত্তৰ নাই৷ দিন হাজিৰা কৰা মানুহক ক’ৰ পৰা এই সময়ত টকা দিম? মোৰ হাতত উত্তৰ নাই।

‘যদিহে লক ডাউন বাঢ়ে তেন্তে বাজেট সলনি হ'ব পাৰে। ২ লাখ ৭২ হাজাৰ পঞ্জীয়নকৃত শ্ৰমিক আছে৷ ১ এপ্ৰিলৰ পৰা বিনামূলীয়া ৰেচনৰ চাউল বাজেট মতে পাব৷ প্ৰয়োজন হ’লে আমি দৰমহা নলও, বিধায়ক পুঁজি, আনটাইড ফাণ্ডৰ পইটা নলওঁ৷ এই বিপদকালত ৰাইজৰ কাষত আমি থাকিব লাগিব।’ – মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

মন্ত্ৰীগৰাকীয়ে কয় – ‘Personal Protective Equipment চিকিৎসক সকলক লাগিব৷ দুহেজাৰ PPE যোগাৰ কৰিছো, আমি ১৬৯ ৰোগীক পৰীক্ষা কৰিছো৷ ভগৱানৰ আৰ্শীবাদত আমাৰ ইয়াত এজনো পজিটিভ পোৱা নাই। বিদেশৰ, বেলেগ ৰাজ্যৰ মানুহ অসমত থকাসকলৰ দায়িত্ব আমি লৈছো৷ আমাৰ অসমৰ যিসকল বাহিৰত আছে, তেওঁলোকৰ দায়িত্বও সংশ্লিষ্ট ৰাজ্যই ল’ব বুলি আশা কৰিছো।’

‘১৫৫টা বিশেষ ICU ক’ৰোনাৰ কাৰণে সাজু আছে। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে সাধাৰণ ৰোগীৰ দায়িত্ব লওক, আমি ক’ৰোনাৰ দায়িত্ব লৈছো। বিধায়কসকল সমষ্টিলৈ উভতি যাওক, মন্ত্ৰীসকলক বিভিন্ন জিলাৰ দায়িত্ব দিছে৷ কাম কৰক৷ আমি সকলো সময়তে ৰাইজৰ কাষত আছো।’ – বিধানসভাত ক’লে মন্ত্ৰী ড০ শৰ্মাই।

মই ৰাজ্যৰ বিত্তমন্ত্ৰী হিচাপে মই অৰ্থনৈতিক দিশটো চাম৷ কিন্ত ৩১ মাৰ্চলৈ একো কৰিব নোৱাৰো৷ ১ এপ্ৰিলৰ পৰা কৰিব পৰা যাব৷ এতিয়া সকলোৱে সহায় কৰক৷ কাৰোৱাৰ ঘৰত যদি খাদ্য নাই, আপোনাৰ ঘৰতো থকা অতিৰিক্তখিনি দি সহায় কৰক। অসমৰ সন্মুখত আন দুটা প্ৰত্যাহ্বান আহি আছে৷ বান আৰু জাপানীজ এনকেফেলাইটিছ৷ ঢাল-তৰোৱাল নোহোৱাকৈ আমি এতিয়া যুদ্ধত নামিব লাগিব। ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে ইতিমধ্যেই বিধানসভাত সকলো বিধায়কে ক’ৰোনাৰ প্ৰতিৰোধৰ বাবে নিজৰ এমাহৰ দৰমহা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।