অসমত ইনাৰ লাইন পার্মিট প্রৱর্তনৰ আবেদন

Wednesday, 01 April 2020

দৈনিক বাতৰি

অসমত ইনাৰ লাইন পার্মিট প্রৱর্তনৰ আবেদন

জিপ্লাছ | February 18, 2020 14:54 hrs

গুৱাহাটী - কেন্দ্রীয় চৰকাৰে অসাংবিধানিকভাৱে ১৮৭৩ চনৰ বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ ৰেগুলেশ্যন সংশোধন কৰা বুলি ঘোষণা কৰি অসমত ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা প্রৱর্তনৰ বাবে উচচতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে৷ সবোর্চচ ন্যায়ালয়ত এখন লেখ আৱেদন দাখিল কৰি সংগঠনটোৱে উল্লেখ কৰিছে যে বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ ৰেগুলেশ্যন অনুসৰি ৰাজ্যৰ কামৰূপ, দৰং, নগাঁও, শিৱসাগৰ আৰু লখিমপুৰ জিলাত ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা আছিল৷

আনকি ১৯০৬ চনৰ ছয় জুনত কামৰূপ জিলাত, সেই চনৰে সাত জুনত গোৱালপাৰাত আৰু ১৯৩৪ চনৰ চাৰি জানুৱাৰীত শিৱসাগৰত ব্রিটিছ প্রশাসনে ইনাৰ লাইন পার্মিটৰ ব্যৱস্থাও কৰিছিল৷ তাৰ পাছত নগা পাহাৰ, লুচাই পাহাৰ আৰু উত্তৰ-পূব ফ্রণ্টিয়াৰ অঞ্চলতো প্রযোজ্য কৰা হৈছিল ইনাৰ লাইন পার্মিট৷

কিন্তু আশ্চর্যজনক কথা যে পৰৱর্তী সময়ত অসমৰ বাহিৰে আন আন অঞ্চলসমূহত ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা বলৱৎ হৈ থাকিল, অসমত এই ব্যৱস্থা কি হ’ল সেয়া কোনেও গম নাপালে৷ আজি নতুন দিল্লীত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ হৈ লেখ আৱেদন দাখিল কৰি অধিবক্তা ৰুণা ভূঞাই কয় যে স্বাধীনতাৰ পাছত ভাৰতৰ ৰাষ্ট্রপতিয়ে এডপশ্যন এক্ট ১৯৫০ (Adaption Law 1950) গৃহীত কৰি ইনাৰ লাইন পার্মিটৰ ব্যৱস্থাক মর্যাদা প্রদান কৰিছিল৷ কিন্তু ৰাষ্ট্রপতিক ব্রিটিছৰ আইন গ্রহণ বা পৰিৱর্তন কৰাৰ বাবে সংবিধানে তিনি বছৰ সময়সীমা বান্ধি দিছিল৷

সেয়েহে এতিয়া কেন্দ্রীয় চৰকাৰে ব্রিটিছৰ দিনৰ আইন এখন এনেদৰে পৰিৱর্তন অনাটো অসাংবিধানিক৷ আনহাতে স্বাধীনতাৰ পাছত অসম চৰকাৰে ব্রিটিছৰ দিনৰ চৰকাৰী জাননীকেইখনৰ সন্দর্ভত কি পদক্ষেপ গ্রহণ কৰিলে, সেয়াও স্পষ্ট নহ’ল বুলি উল্লেখ কৰি ৰুণা ভূঞাই কয় যে অসমত ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা থাকিলে নাগৰিকত্ব সংশোধনী আইনখন অসমত প্রযোজ্য কৰিব নোৱাৰিলেহেঁতেন৷ সেয়েহে কেন্দ্রীয় চৰকাৰে অত্যন্ত কৌশলগতভাৱে অসমত বলৱৎ হৈ থকা ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা প্রত্যাহাৰ কৰিছিল৷ আনহাতে ব্রিটিছে অসমত ইনাৰ লাইন পার্মিট বলৱৎ কৰাৰ কথা আর্ইভত (অভিলেখাগাৰ) উপলব্ধ হৈ আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে আশ্চর্যজনকভাৱে উক্ত আইন প্রত্যাহাৰ কৰাৰ তথ্য কিন্তু ক’তো পোৱা নাযায়৷

এনে অৱস্থাত অসমত ইমান দিনে কিয় ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা প্রযোজ্য হৈ থকা নাছিল, সেয়াও এক বৃহৎ সাঁথৰ বুলি কয় অধিবক্তাগৰাকীয়ে৷ উল্লেখযোগ্য যে যোৱা ১১ ডিচেম্বৰত সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ প্রাক৲মুহূর্তত এখন সংশোধনী জাননী জাৰি কৰি কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে অসমৰ উক্ত জিলাসমূহৰ পৰা ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা প্রত্যাহাৰ কৰাৰ বিপৰীতে মণিপুৰত ইনাৰ লাইন পার্মিট প্রদানৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ আনকি শেহতীয়াকৈ মেঘালয়তো ইনাৰ লাইন পার্মিট প্রদানৰ চিন্তা-চর্চা কৰিছে মোদী চৰকাৰে৷ ইফালে অসমত ইনাৰ লাইন পার্মিট প্রৱর্তনৰ আৱেদন জনাই উচচতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সদৌ টাই আহোম ছাত্র সন্থাও৷

ছাত্র সংগঠনটোৱেও এই সন্দর্ভত এখন লেখ আৱেদন দাখিল কৰিছে৷ টাই আহোম ছাত্র সন্থাৰ অধিবক্তা কৌশিক চৌধুৰীয়ে সাংবাদিকৰ আগত প্রকাশ কৰা মতে, তেওঁলোকে এই ক্ষেত্রত এক অন্তৱর্র্তীকালীন স্থাগিতাদেশৰ আৱেদন জনাইছে৷ যাতে অসম চৰকাৰে ৰাজ্যখনৰ উক্ত জিলাকেইখনত ইনাৰ লাইন পার্মিট বলৱৎ কৰি নাগৰিকত্ব সংশোধনী আইনখনৰ পৰা অসমবাসীক ৰক্ষা কৰিব পাৰে৷ এনে পৰিস্থিতিত অনাগত দিনত ইনাৰ লাইন পার্মিট প্রযোজ্য কৰাৰ বাবে জনোৱা এই আৱেদন দুখনৰ সন্দর্ভত উচচতম ন্যায়ালয়ে কি ৰায় দিয়ে, সেয়াহে হ’ব লক্ষণীয়৷
(সৌজন্য - জনমভূমি)