অসম চৰকাৰে আগবঢ়াব বিনামূলীয়া কিডনী ডায়েলাইছিছ, বৃক্ক সম্পৰ্কীয় অন্যান্য চিকিৎসাও আগবঢ়াব বিনামূল্যে
দৈনিক বাতৰি

অসম চৰকাৰে আগবঢ়াব বিনামূলীয়া কিডনী ডায়েলাইছিছ, বৃক্ক সম্পৰ্কীয় অন্যান্য চিকিৎসাও আগবঢ়াব বিনামূল্যে

জিপ্লাছ ব্যুৰ’ | June 11, 2019 16:33 hrs

১১ জুন, গুৱাহাটী - স্বাস্থ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষনা কৰে যে অসম চৰকাৰে ৰাজ্যত কিডনী ডায়েলাইছিছ আৰু কিডনী সম্পৰ্কীয় অন্যান্য চিকিৎসাও বিনামূলীয়াকৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সমগ্ৰ অসমৰ ১৮ টা স্থানত এই সুবিধা ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্ব পদ্ধতিৰে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ আঁচনিৰ অধীনত সম্পন্ন কৰা হ’ব।

ড. শৰ্মাই লগতে কয় যে এই ওঠৰটা স্থানৰ প্ৰতিটো স্থানতেই প্ৰতিদিনেই ৪০ টাকৈ ডায়েলাইছিছ কৰিব পৰা যাব। এই সন্দৰ্ভত অনাগত পাচবছৰৰ বাবে এই সেৱা লাভ কৰিবৰ বাবে ৰাজ্য চৰকাৰে বিগত ৫ ফেব্ৰুৱাৰীত এপ’ল’ হস্পিতাল চেন্নাইৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিছে।

প্ৰথমাৱস্থাত মুঠ ১৮ টা ডায়েলাইছিছ কেন্দ্ৰৰ ভিতৰত ৮ টা কেন্দ্ৰ হাস্পতাল আৰু স্বাস্থ্যকেন্দ্ৰত আৰম্ভ হ’ব, সেইকেইটা কেন্দ্ৰ ক্ৰমে এছ এম কে অসামৰিক চিকিৎসালয় (নলবাৰী), মঙলদৈ অসামৰিক চিকিৎসালয় (দৰং), কনকলতা অসামৰিক চিকিৎসালয় (শোণিতপুৰ), তেজপুৰ মেডিকেল কলেজ আৰু চিকিৎসালয় (শোণিতপুৰ), লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয় (তিনিচুকীয়া) , মৰিগাওঁ অসামৰিক চিকিৎসালয় (মৰিগাওঁ), ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ (বৰপেটা), আৰু বঙাইগাওঁ জিলা চিকিৎসালয় (বৰপেটা)। 


ইয়াৰ পিছতেই জুলাই মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আন সাতটা কেন্দ্ৰ সক্ৰিয় হৈ পৰিব। সেইকেইটা ক্ৰমে বিপি অসামৰিক চিকিৎসালয় (নগাওঁ), শিৱসাগৰ অসামৰিক চিকিৎসালয় (শিৱসাগৰ), উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়, ধেমাজি অসামৰিক চিকিৎসালয়, ডিফু অসামৰিক চিকিৎসালয়, ধুবুৰী অসামৰিক চিকিৎসালয় আৰু গোৱালপাৰা।

Banner

প্ৰতিনিধিত্বমূলক ছবি