সংখ্যালঘু কন্যা শিক্ষাৰ্থীলৈ ২,০০০ টকাকৈ বছৰেকীয়া জলপানিৰ ঘোষণা ৰাজ্য চৰকাৰৰ 
দৈনিক বাতৰি

সংখ্যালঘু কন্যা শিক্ষাৰ্থীলৈ ২,০০০ টকাকৈ বছৰেকীয়া জলপানিৰ ঘোষণা ৰাজ্য চৰকাৰৰ 

জিপ্লাছ নিউজ ডেস্ক | January 11, 2020 12:35 hrs

১১ জানুৱাৰী, গুৱাহাটী : ৰাজ্যৰ সংখ্যালঘু কন্যা শিক্ষাৰ্থীসমূহলৈ বছৰি ২,০০০ টকাকৈ জলপানিৰ ঘোষণা ৰাজ্য চৰকাৰৰ। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি, এই আচঁনিৰ অধীনত মুছলীম, শিখ, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন আৰু জৰাষ্ট্ৰিয়ান সম্প্ৰদায়ৰ যিসকল অবিবাহিত কন্যাসন্তানে সম্প্ৰতি দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়ণ কৰি আছে তেওঁলোকক এই জলপানি প্ৰদান কৰা হ’ব। দশম শ্ৰেমীৰ শিক্ষাৰ্থীসকলক ২০০০ টকাকৈ আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক ৪০০০ টকাকৈ প্ৰদান কৰা  হ’ব।   

উক্ত আচঁনিৰ অধীনত ২০১৯-২০ বৰ্ষত মুঠ ২০০কোটি টকা ৰাজ্য চৰকাৰে আৱণ্টন কৰিছে। এই আচঁনিৰ অধীনত ৰাজ্যৰ সংখ্যালঘু কন্যাসন্তানসকলক শিক্ষাৰ ক্ষেত্ৰত শক্তিশালী কৰি তুলিবলৈ এই পদক্ষেপ হাতত লৈছে।  

জিলা প্ৰাথমিক শিক্ষা বিষয়া বুলি গগৈ ভূঞাঁই এই সন্দৰ্ভত কয় -“ ইতিমধ্যে সকলো বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে এই আচঁনি লাভ কৰিব পৰা ছাত্ৰীসমূহৰ এখন তালিকা যুগুত কৰিছে। তেওঁলোকে এই তালিকাখন স্কুল পৰিদৰ্শক অথবা জিলা শিক্ষা বিষয়াক জমা দিব লাগিব। এই তালিকা অনুসৰি পৰিদৰ্শক অথবা শিক্ষা বিষয়াই যোগ্য ছাত্ৰীসমূহ চিনাক্ত কৰিব।” 

বিগত এমাহৰ পৰা ইটোৰ পাছত সিটোকৈ আঁচনি ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ।