ক’ভিড-১৯ সাহায্য পুঁজিলৈ হিমা দাসৰ ১ মাহৰ দৰমহা

Thursday, 04 June 2020

দৈনিক বাতৰি

ক’ভিড-১৯ সাহায্য পুঁজিলৈ হিমা দাসৰ ১ মাহৰ দৰমহা

জিপ্লাছ | March 27, 2020 09:30 hrs

২৭ মাৰ্চ, গুৱাহাটী - অসমৰ তাৰকা দৌৰবিদ হিমা দাসে অসম চৰকাৰৰ ক’ৰোনাভাইৰাছ সাহায্য পুঁজিলৈ এমাহৰ দৰমহা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

হিমা দাসে টুইটাৰযোগে এই কথা ঘোষণা কৰি কয়, "বন্ধুসকল, আমি সকলোৱে একেলগে মাৰ বান্ধি থিয় হোৱাৰ সময় এয়া আৰু ৰাজ্যবাসীক সহায় কৰাৰ সময়। ক’ভিড-১৯ ৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্যবাসীক চিকিৎসা সেৱা প্ৰদান কৰিবৰ বাবে অসম চৰকাৰৰ অসম আৰোগ্য নিধিলৈ মই মোৰ এমাহৰ দৰমহা আগবঢ়োৱাৰ কথা ঘোষণা কৰিলো।"

উল্লেখ্য যে কালি ৰাজ্যৰ স্বাস্থ্য তথা বিত্তমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই ক’ভিড ১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে বৰঙণি আগবঢ়াবৰ বাবে ৰাইজৰ বাবে এক একাউণ্ট নম্বৰ প্ৰকাশ কৰিছিল।

স্বাস্থ্য মন্ত্ৰীয়ে কালি প্ৰকাশ কৰা অসম আৰোগ্য নিধিৰ একাউণ্ট নম্বৰটো হৈছে 32124810101, SBI, IFSC Code: SBIN0010755